TWO WOMEN DRUGS PEDDLAR CAUGHT IN BOKAJAN RAILWAY POLICE : বোকাজান ৰে’ল আৰক্ষীৰ জালত দুই মহিলা ড্ৰাগছ সৰবTৰাহকাৰী

জব্দ পঞ্চাশ লক্ষাধিক টকাৰ হেৰইন

WhatsApp Image 2022 10 07 at 18.55.47

TWO WOMEN DRUGS PEDDLAR CAUGHT IN BOKAJAN RAILWAY POLICE : বোকাজান ৰে’ল আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৰেল ষ্টেচনৰ পৰা বৃহৎ পৰিমাণৰ হেৰইন সহ আটক কৰে দুই মহিলা সৰৱৰাহকাৰীক ৷ আৰক্ষীৰ সুত্ৰ অনুসৰি বোকাজান ৰে’ল ষ্টেচনত ৰৈ থকা অৱস্থাত আটক কৰা হয় মহিলা দুগৰাকীক ৷ মহিলা দুগৰাকী উজনিমুৱা মৰিয়নি এক্সপ্ৰেছৰ জৰিয়তে তিনিচুকীয়ালৈ যাবৰ বাবে ৰৈ আছিল ৷

আৰক্ষীয়ে মহিলা দুগৰাকীক তালাচী চলাই আৰু তেওঁলোকৰ শৰীৰত বিশেষভাবে লুকুৱাই অনা বিশটা হে’ৰইন ভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ কৰে ৷ জব্দকৃত হেৰইনখিনিৰ ওজন ২৪৬.৯৫ গ্ৰাম যাৰ বজাৰ মূল্য পঞ্চাশ লক্ষাধিক টকা বুলি আৰক্ষীয়ে উল্লেখ কৰে ৷ আটকাধীন মহিলা দুগৰাকী হ’ল গোলাঘাট মেৰাপানীৰ মণিষা সন্দিকৈ আৰু ডিমাপুৰ হাফ নগাজানৰ ৰিংকি দাস ৷ আৰক্ষীয়ে সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে সৰবৰাহকাৰী মহিলা দুগৰাকীক ৷

Exit mobile version