40,000 kg drugs to be destroyed in presence of amit shah in guwahati : গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত ভাৰ্চুৱেলি দাহ কৰিলে ৪০,০০০ কিলোগ্ৰাম ড্ৰাগছ

WhatsApp Image 2022 10 08 at 17.57.07

40,000 kg drugs to be destroyed in presence of amit shah in guwahati : গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ডিজিপি ৰ উপস্থিতিত আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত”ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা” শীৰ্ষক এক আঞ্চলিক বৈঠকত গৃহমন্ত্ৰী গৰাকীয়ে ভাৰ্চুৱেলি দাহ কৰে ৪০,০০০ কিলোগ্ৰাম ড্ৰাগছ ৷

উল্লেখ্য যে, এন চি বি আৰু আৰক্ষীয়ে গুৱাহাটীত ১১০০কিলোগ্ৰাম, অসমত ৮০০০কিলোগ্ৰাম,অৰুণাচলত৪০০০কিলো,নগালেণ্ডত ৩৯৮ কিলোগ্ৰাম,মণিপুৰত ১৯০০কিলোগ্ৰাম,মিজোৰামত ১৫০০ কিলোগ্ৰাম,মিজোৰামত ১৫০০ কিলোগ্ৰাম,ত্ৰিপুৰাত ১২,০০০ কিলোগ্ৰাম আৰু মেঘালয়ত ১৬০০ কিলোগ্ৰাম হেৰ’ইন, গাঞ্জা, কোডিন কফ চিৰাপ আৰু নিচাজাতীয় বড়ি আদি জব্দ কৰিছি বিভিন অভিয়ানত ৷ গৃহমন্ত্ৰী গৰাকীয়ে গুৱাহাটীৰ পৰাই আজি সাত ৰাজ্যত হোৱা দাহ কাৰ্যসূচী ভাৰ্চুৱেলি মুকলি কৰে ৷

এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ,উত্তৰ-পূৰ্ব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জি কিষান ৰেড্ডী,অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু,মণিপুৰৰ মুখ্যমন্ত্ৰীএন বীৰেন সিং,মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা,নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা,ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা সহ ৰাজ্য কেইখনৰ আৰক্ষী সঞ্চালক প্ৰধান উপস্থিত থাকে ৷

Exit mobile version