AMIT SHAH,JP NADDA INAUGURATE NEW BJP OFFICE IN BASISTHA : অমিত শ্বাহ, জে পি নাড্ডাৰ দ্বাৰা বশিষ্ঠত ৰাজ্যিক বিজেপিৰ নতুন কাৰ্যালয় উদ্বোধন

WhatsApp Image 2022 10 08 at 13.43.49

AMIT SHAH,JP NADDA INAUGURATE NEW BJP OFFICE IN BASISTHA : বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে গুৱাহাটীৰ বশিষ্ঠ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা দলটোৰ নতুন ৰাজ্যিক কাৰ্যালয় ভৱনটি উদ্বোধন কৰে। এইটো দলটোৰ আঞ্চলিক মুখ্য কাৰ্যালয় আৰু উত্তৰ-পূবৰ সৰ্ববৃহৎ কাৰ্যালয় হ’ব। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ৰাজ্যিক সভাপতি ভৱেশ কলিতা,মন্ত্ৰী আৰু বিধায়ক সকলৰ লগতে আৰু দলৰ জ্যেষ্ঠ নেতা- কৰ্মী উপস্থিত থাকে।

উল্লেখ্য যে এক লাখ বৰ্গফুটৰ ছয় মহলীয়া সু-বিশাল অট্টালিকাটোত অতিথিশালা আৰু সমসাময়িক মিডিয়া কেন্দ্ৰকে ধৰি অত্যাধুনিক সুবিধা প্ৰদান কৰা হৈছে। একেদৰে ভৱনটোত ৫,০০০ লোক থাকিব পাৰিব। ৩০ কোটি ব্যয়ৰে নিৰ্মিত অট্টালিকাটো দলৰ সদস্যসকলৰ অনুদানৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে বুলি প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ নেতৃত্বই ৷

লক্ষণীয় যে ৩৫০ আসনৰ প্ৰেক্ষাগৃহ আৰু পাঁচটা সভা কক্ষ অন্তৰ্ভুক্ত কৰা হৈছে নতুন কাৰ্যালয় ভৱনটোত। স্মতৰ্ৱ্য যে দলৰ ৰাষ্ট্ৰীয় সভাপতি হৈ থকা সময়ত অমিত শ্বাহে ২০১৯ চনৰ ফেব্ৰুৱাৰীত এই কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল ।

Exit mobile version