CHITHILA LAKHI PUJA : চিথিলাত লক্ষী পূজাৰ ব্যপক প্ৰস্তুতি

WhatsApp Image 2022 10 08 at 19.09.58

CHITHILA LAKHI PUJA : কাইলৈ ধনৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱীৰ পূজা। অসমৰ অনান্য প্ৰান্তৰ দৰেই চিথিলা জুনিয়ৰ চিলাৰায় ক্লাবৰ উদ্যোগত লক্ষ্মী দেৱীক পূজা -অৰ্চনা -বন্দনাৰ বাবে চলিছে পূৰ্ন প্ৰস্তুতি। বিগত বছৰ বিলাকৰ দৰে এই বেলিও পৰম্পৰা ৰক্ষা কৰি দুইদিনীয়া কাৰ্যসূচীত উদযাপন কৰা হ’ব বৰ্ণাঢ্য দেৱী লক্ষ্মীৰ পূজা । উক্ত অনুষ্ঠানত সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিছে আয়োজক সমিতিৰ সভাপতি গোবিন্দ সেন আৰু সম্পাদক অনুপ ৰায়ে ।

অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পূজা অৰ্চনা কৰাৰ লগতে দ্বিতীয় দিনা এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ উপৰিও এক প্ৰতিযোগীতা মূলক অনুষ্ঠান অনুষ্ঠিত কৰি ১ম ২য় আৰু ৩য়ক পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰিব বুলি আয়োজক সকলে জানিবলৈ দিয়ে ।

Exit mobile version