Gujarat ATS : ভাৰতৰ জলসীমাত প্ৰৱেশ কৰা হেৰ’ইন ভৰ্তি নাওসহ ছয় ধৃত আটক গুজৰাট উপকূলত !

WhatsApp Image 2022 10 08 at 19.23.24

Gujarat ATS : পুনৰ সাগৰৰ উপকূলৰ পৰা শনিবাৰে পুৱতি নিশা মাদক দ্ৰব্য ভৰ্তি নাওসহ পাকিস্তানৰ ছজন নাগৰিকক গ্রেপ্তাৰ কৰিলে উপকূলৰক্ষী বাহিনী আৰু গুজৰাট আৰক্ষীৰ সন্ত্রাস দমন দলৰ (এটিএছ) যৌথ বাহিনীয়ে । নাওখনৰ পৰা প্রায় ৫০ কিলোগ্রাম হেৰ’ইন উদ্ধাৰ হৈছে ।

গুজৰাট আৰক্ষীৰ সূত্র অনুসৰি, ভাৰতীয় জলসীমাৰ বহু ভিতৰত প্ৰৱেশ কৰি কচ্ছৰ জখৌ বন্দৰ অঞ্চলৰ কাষত আহিছিল আল ছাকৰ নামে পাকিস্তানি নাওখন । নির্দিষ্ট খবৰৰ ভিত্তিত অভিযান চলাই নাওখন আটক কৰা হয় । লগতে পাক হেৰ’ইন সৰবৰাহকাৰীকো গ্রেপ্তাৰ কৰা হয় । উদ্ধাৰ হোৱা হেৰ’ইনৰ দাম প্রায় ৩৫০ কোটি টকা বুলি জনাইছে আৰক্ষীয়ে ।

গুজৰাট আৰক্ষীৰ জিডি আশিছ ভাটিয়াই শনিবাৰে কয়, ‘‘প্রাথমিকভাৱে আমি জানিব পাৰিছো যে, কৰাচিৰ কুখ্যাত হেৰ’ইন ব্যৱসায়ী মহম্মদ কাদেৰে এই নাৱত হেৰ’ইন প্ৰেৰণ কৰিছিল ।

Exit mobile version