MEGHALAYA MAWMLUH CAVE : ভাৰতৰ এটা প্ৰাচীন গুহাৰ মাজেদি বৈ যোৱা পাঁচখন নদীয়ে সৃষ্টি কৰিছে এটা বৃহৎ পুখুৰীৰ : জানিবলৈ পঢ়ক —

WhatsApp Image 2022 10 08 at 19.14.03

MEGHALAYA MAWMLUH CAVE : ভাৰতৰ অন্যতম এটা প্ৰাচীন গুহা, যিটো গুহাৰ মাজেদি বৈ গৈছে পাঁচখনকৈ নদী । ইণ্টাৰনেশ্যনেল ইউনিয়ন অৱ জিঅ’লজিকেল চায়েন্সে প্ৰথম ১০০ ভৌগলিক নিৰ্দেশনাত এই গুহাৰ সন্ধান পাইছিল । যিটো গুহাৰ মাজেদি বৈ গৈছে পাঁচ খনকৈ নদী । বিশ্ব দৰবাৰত ভাৰতৰ এই প্ৰাচীন বিশাল গুহাই স্থান লাভ কৰিছে । অৱশ্যে এই প্ৰাচীন গুহাৰ আৱিষ্কাৰ ব্ৰিটিছ সকলেই কৰিছিল । ১৮৪৪ চনত এজন ব্ৰিটিছ প্ৰত্নতাত্ত্বিকে এই গুহাৰ সন্ধান লাভ কৰিছিল । চাৰি হাজাৰ মিটাৰ দৈৰ্ঘ্যৰ এই গুহা বিশ্বৰ ভিতৰতে এটা বিশাল গুহা হিচাপে বিবেচিত হৈছে । পাথৰেৰে আবৃত এই গুহাৰ মাজতে আছে এটা বিশাল পুখুৰী ।

এই পুখুৰীত পাঁচখন নদীৰ পানী মিলিত হৈছে । উল্লেখ্য যে, গুহাৰ মাজেদিয়েই নিজে বাট উলিয়াই বৈ যোৱা এই পাঁচখন নদীৰ পানীয়ে সৃষ্টি কৰিছে এই বিশাল পুখুৰীৰ । যি এই পৌৰাণিক গুহাটিক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে । পৰ্যটকৰ বিশেষ আকৰ্ষণ এই গুহাটো হৈছে মেঘালয়ৰ মামলু গুহা । যিটো ইণ্টাৰনেশ্যনেল ইউনিয়ন অৱ জিঅ’লজিকেল চায়েন্স-ৰ বিশ্বৰ প্ৰথম ১০০ ভৌগলিক নিৰ্দেশনাত স্থান লাভ কৰিছে । উল্লেখ্য যে, বিজ্ঞানী সকলে এই গুহাৰ ষ্ট্যালাগমাইট পৰীক্ষা কৰি বৰষুণ আৰু খৰাঙৰ পূৰ্বাভাস লাভ কৰিবলৈও সক্ষম হৈছে ।

ভাৰতৰ যি দহটা দীঘল গুহা আছে তাৰ প্ৰতিটো গুহা মেঘালয়তে অৱস্থিত । সেইবাবেই এই অঞ্চলত সৰ্বাধিক বৰষুণ হোৱা দেখা যায় লগতে প্ৰশান্ত মহা সাগৰৰ সৈতে এই পুখুৰীৰ এক যোগসূত্ৰ থকাৰো সম্ভেদ পাইছে বিজ্ঞানী সকলে ।

Exit mobile version