Mohun Bhagabat : ‘বর্ণপ্রথা’ আৰু ‘জাতিভেদ’এ সামাজিক বৈষম্য বৃদ্ধি কৰিছে, অৱসান ঘটাবলৈ সৰৱ সংঘপ্রধান মোহন ভাগৱত

WhatsApp Image 2022 10 08 at 15.40.13

Mohun Bhagabat : বর্ণ আৰু জাতিৰ ধাৰণা সম্পূর্ণভাৱে বিলুপ্ত হোৱা উচিত । নাগপুৰত এটা কিতাপ উন্মোচন অনুষ্ঠানত শুকুৰবাৰে এই মন্তব্য কৰে সংঘপ্রধান মোহন ভাগৱতে । তেওঁ কয়, “বর্ণব্যৱস্থাৰ এতিয়া কোনো প্রাসংগিকতাই নাই ।” ভাগৱতৰ দাবী, বর্ণপ্রথাই দেশত বৈষম্যৰ সৃষ্টি কৰিছে । সেয়ে নিজৰ বক্তব্যৰ ব্যাখ্যাত তেওঁ কয়, “যিয়ে বৈষম্য সৃষ্টি কৰে, সেইসমূহ বাতিল ঘোষণা কৰা উচিত ।”

শুকুৰবাৰে ‘বজ্রসূচি টাংক’ নামে এখন কিতাপৰ আনুষ্ঠানিক উন্মোচন কৰে তেওঁ । এই কিতাপখনৰ লেখক মদন কুলকার্নি আৰু ৰেণুকা বোকাৰে । কিতাপখনৰ বিষয়বস্তু সম্পর্কে আলোচনা কৰোতেই বর্ণ আৰু জাতিপ্রথাৰ প্রসংগ উত্থাপন কৰে ভাগৱতে । তেওঁ জনায়, ভাৰতৰ সংস্কৃতিতেই সামাজিক ঐক্যৰ ধারণা নিহিত হৈ আছে । কিন্তু বর্ণ আৰু জাতিপ্রথাৰ বাবে দেশৰ সামাজিক ঐক্য বিনষ্ট হৈছে ।

বর্ণ আৰু জাতিব্যৱস্থাৰ প্রাসংগিকতা সন্দৰ্ভত ভাগৱতে কয়, “কোনোৱে যদি বর্ণ আৰু জাতিৰ দৰে প্রাচীন প্রতিষ্ঠানসমূহৰ প্রসংগ উত্থাপন কৰে, তেন্তে উত্তৰ দিব লাগিব যে, এইবোৰ এতিয়া অতীত হৈ গৈছে । সেয়ে এইবোৰ পাহৰি যাওক ।” ভাগৱতৰ দাবী, সকলো দেশতেই পূর্বপুৰুষসকলে কিছু ভুল কৰি যায় । তেনেদৰেই ভাৰতৰ বর্তমান প্রজন্ময়ো পূর্বপুৰুষসকলৰ ভুলবোৰ বুজি সেইবোৰ সংশোধন কৰি ল’ব । সংঘৰ এনে বক্তব্য অৱশ্যে নতুন নহয় । আগতেও ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ‌ই জাত-পাতহীন ‘অখণ্ড ভাৰতীয় সমাজ’ গঠনৰ কথা কৈছে ।

Exit mobile version