Russia Ukraine War : ক্রিমিয়া-ৰাছিয়া সংযোগী সেতুত বিস্ফোৰণ, দাউদাউকৈ জ্বলিছে ৰে’ল ! প্রকাশ্যত ভিডিঅ’

WhatsApp Image 2022 10 08 at 17.45.54

ক্রিমিয়া আৰু ৰাছিয়াৰ সংযোগী সেতুত বিস্ফোৰণ । ক্রেমলিনৰ পৰা এই সেতুৰ জড়িয়তেই দক্ষিণ ইউক্রেইনৰ স’তে সংযুক্ত হৈ আছিল । শনিবাৰে পুৱা তীব্র বিস্ফোৰণত ক্ষতিগ্রস্ত হৈছে সেতুটো ।

সেতুৰ মূলতঃ দুটা অংশ আছে । এটা অংশত আছে ৰে’ললাইন, অন্য অংশত পণ্যবাহী যান চলাচল কৰে । শনিবাৰৰ বিস্ফোৰণত সেতুৰ উভয় অংশই ক্ষতিগ্রস্ত হৈছে ।

সামাজিক মাধ্যমত বিস্ফোৰণ-পৰৱর্তী কে’বাটাও ছবি আৰু ভিডিঅ’ বিয়পি পৰিছে । দেখা গৈছে, সেতুৰ যান চলাচলৰ মাজৰ অংশ ভাঙি গৈছে ।

ৰে’ল চলাচলৰ অংশত এখন ৰে’ল দাউদাউকৈ জ্বলিছে । মূলতঃ এই অংশতেই বিস্ফোৰণটো সংঘটিত হৈছে বুলি ধাৰণা কৰা হৈছে ।

স্থানীয় সময় অনুসৰি শনিবাৰে পুৱা ছয় বজাত বিকট শব্দত কঁপি উঠে সেতু । বহু দূৰ পর্যন্ত সেই শব্দ শুনা গৈছিল ।

সেতুৰ ওপৰেৰে দূৰন্ত বেগত এখন ৰে’ল গৈছিল । সেই ৰে’লখনতো অগ্নি সংযোগ হয় ।

ভিডিঅ’ত দেখা গৈছে, সেতুৰ ওপৰত ৰৈ থকা এখন ৰে’লৰ দুটা কোঠাত জুই জ্বলিছে । ক’লা ধোঁৱাৰে আৱৰি পৰিছে চাৰিওপাশ ।

ইউক্রেইন আৰু ৰাছিয়াৰ বর্তমান পৰিস্থিতি সাপেক্ষে এই সেতুৰ ভূমিকা তাৎপর্যপূর্ণ ।

ক্ৰিমিয়া আৰু দক্ষিণ ইউক্রেইনৰ যিসমূহ অঞ্চল ৰাছিয়াই দখল কৰিছে, তাত ৰুছ বাহিনীৰ স’তে যোগাযোগ আৰু ৰেচন সৰবৰাহৰ বাবে এই সেতু ব্যৱহাৰ কৰা হয় ।

কিয় এই সেতুত বিস্ফোৰণ ঘটোৱা হ’ল, সেয়া এতিয়াও স্পষ্ট নহয় ।

স্থানীয় সংবাদমাধ্যমৰ দাবী, সেতুৰ ওপৰত এটা ইন্ধন ভর্তি টেংকাৰত অগ্নি সংযোগ হৈছিল । তাৰ পৰাই এই বিপত্তি হয় । কিন্তু প্রশাসনৰ তৰফৰ পৰা এতিয়াও বিস্ফোৰণৰ কাৰণ জনোৱা হোৱা নাই ।

২০১৮ত ১২ মাইল দৈৰ্ঘ্যৰ সেতুৰ যান চলাচলৰ অংশটো আৰম্ভ কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে । তাৰ দুবছৰ পাছত ৰে’ল পৰিবহণৰ অংশটোও আৰম্ভ হৈছে । শনিবাৰৰ বিস্ফোৰণত ক্ষতিগ্রস্ত হ’ল সেই সেতু ।

ফেব্রুৱাৰীত ৰাছিয়া আৰু ইউক্রেইনৰ মাজত আৰম্ভ হোৱা পৰস্পৰ বিৰোধী যুদ্ধৰ পাছত নানা দাবী কৰি গৈছে দুয়োখন দেশে । ইউক্রেইনৰ ৰাষ্ট্ৰপতিৰ সচিবালয়ক উদ্ধৃত কৰি আমেৰিকাৰ এটা সংবাদমাধ্যমে জনাইছে, সেই দেশৰ দক্ষিণে খেৰছন অঞ্চলৰ প্রায় ২৪০০ স্কোৱেৰ কিলোমিটাৰ অঞ্চল পুনৰ দখল কৰিছে ইউক্রেইনৰ সেনাই ।

জেলেনস্কিৰ সচিবালয়ৰ এগৰাকী বিষয়া কাইৰাইল’ টিমোছংকোক উদ্ধৃত কৰি আমেৰিকাৰ এই সংবাদমাধ্যমে জনায়, খেৰছন অঞ্চলৰ ছটা জনবসতি আৰু বেৰিশ্লাভ অঞ্চলৰ ৬১টা জনবসতিক ৰুছ সেনাৰ পৰা ‘মুক্ত’ কৰা সম্ভৱ হৈছে । যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে এনে ইতিবাচক অগ্রগতি হোৱা নাই বুলি দাবী ইউক্রেইনৰ ।

আনহাতে, ৰাছিয়াৰ তৰফৰ পৰা অৱশ্যে আগতেই বিবৃতি দি জনোৱা হৈছিল, ইউক্রেইনৰ এক-ষষ্ঠাংশ দখল কৰিছে তেওঁলোকে । কিন্তু আমেৰিকাৰ সংবাদমাধ্যমৰ একাংশৰ দাবী, বর্তমান বহু অঞ্চল পুনৰ দখল কৰিছে জেলেনস্কিৰ সেনাই ।

কিন্তু পুটিন-বাহিনীয়ে এই দাবী অস্বীকাৰ কৰিছে । যোৱা বৃহস্পতিবাৰে ৰাছিয়াৰ এজন সেনা বিষয়াই কয়, “ইউক্রেইনত যুদ্ধৰ অগ্রগতি সন্দৰ্ভত ভুৱা দাবী কৰা বন্ধ কৰক । মানুহে সকলো জানে, কোনো মূৰ্খ নহয় ।”

বৃহস্পতিবাৰে নিশা দেশবাসীক উদ্দেশ্যি ভাষণত ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয়, “দেশৰ দক্ষিণত আমাৰ সেনাবাহিনী অতি দ্রুতভাৱে অগ্রসৰ হৈছে । আমি স্তব্ধ নহ‌ওঁ । আমি আমাৰ ভূমিৰ পৰা দখলকাৰীসকলক আঁতৰামেই ।

Exit mobile version