YouTubeer : প্ৰিয় ইউটিউবাৰক লগ কৰিবলৈ ২৫০ কি:মি: চাইকেলেৰে অতিক্ৰম কৰিলে কিশোৰে !

WhatsApp Image 2022 10 08 at 15.06.31

YouTubeer : প্ৰিয় ইউটিউব তাৰকাক লগ কৰিবলৈ ঘৰৰ পৰা পলায়ন এজন কিশোৰৰ । পঞ্জাৱৰ পৰা চাইকেলেৰে ২৫০ কিলোমিটাৰ আহি দিল্লীত উপস্থিত হয় কিশোৰজন । কিন্তু ইউটিউবাৰক লগ কৰাৰ আগতেই তেওঁৰ সকলো পৰিকল্পনা বিফল কৰি দিয়ে আৰক্ষীয়ে ।

কিশোৰজনৰ বয়স ১৩ বছৰ । অষ্টম শ্রেণীৰ ছাত্র । তেওঁ ‘ট্রিগাৰড ইনছান’ নামে এটা ইউটিউব চেনেলৰ অনুগামী । ইউটিউবাৰ তাৰকাজনে নিশ্চয় এই চেনেলটোৱে চলায় । তেওঁক লগ কৰিবলৈয়ে পৰিয়ালৰ কাকো নজনোৱাকৈ পটিয়লাৰ পৰা চাইকেল লৈ যোৱা চাৰি অক্টোবৰত ঘৰ এৰি পলাই আহে কিশোৰজন ।

পৰিয়ালৰ সদস্যসকলে তেওঁৰ সন্ধান নপাই আৰক্ষীৰ কাষ চাপে । সমাজিক মাধ্যমতো কিশোৰৰ সম্পর্কে বার্তা দিয়া হয় । ঘৰৰ পৰা মূল পথৰ বিভিন্ন ঠাইত চিচিটিভি ফুটেজো পৰ্যৱেক্ষণ কৰে আৰক্ষীয়ে । সেই ফুটেজৰ পৰা তেওঁলোকৰ প্রাথমিক ধাৰণা হয়, দিল্লী উদ্দেশ্যি ৰাওনা হৈছে কিশোৰজন ।

ইয়াৰ পাছতেই দিল্লী আৰক্ষীৰ স’তে যোগাযোগ কৰে পঞ্জাৱ আৰক্ষীয়ে । পঞ্জাৱৰ পৰা দিল্লী যোৱাৰ পথত বিভিন্ন ঠাইত চিচিটিভি ফুটেজত এই কিশোৰক চিহ্নিত কৰে আৰক্ষীয়ে । দিল্লীৰ প্রসংগ প্রকাশ্যত অহাত পৰিয়ালৰ এজন সদস্যৰ সন্দেহ হয়, কিশোৰজনে নিশ্চয় ইউটিউবাৰজনক লগ কৰিবলৈ গৈছে । পৰিয়ালৰ অনেকেই জানে যে, ইউটিউব তাৰকা নিশ্চয় মালহানৰ অনুগামী কিশোৰ । কে’বাবাৰো তেওঁৰ মুখত ইউটিউবাৰজনক লগ কৰাৰ ইচ্ছা প্রকাশ কৰাও শুনা গৈছিল ।

দিল্লী আৰক্ষীয়ে ইয়াৰ পাছতেইই যোগাযোগ কৰে নিশ্চয় মালহানৰ স’তে । দিল্লীৰ পীতমপুৰাত তেওঁৰ ঘৰ । কিন্তু নিশ্চয়ে জনায়, তেওঁ ঘৰত নাই । কামৰ সূত্রে ডুবাইত আছে । আৰক্ষীয়ে কিশোৰজনৰ সন্ধান উলিয়াই থকাৰ সময়ত, ইউটিউবাৰ তাৰকাৰ ঘৰত উপস্থিত হৈছিল কিশোৰ । কিন্তু তেওঁৰ প্রিয় তাৰকা ডুবাইত থকা বুলি জানিব পাৰি, তেওঁ নিশ্চয়ৰ ঘৰৰ পৰা গুচি আহে । কিশোজনৰ খবৰ লাভ কৰাৰ পাছত নিশ্চয়েও তেওঁক উদ্দেশ্যি বার্তা প্ৰেৰণ কৰে যে, তেওঁ যেন শীঘ্ৰে ঘৰলৈ উভতি যায় । পৰিয়ালক যোগাযোগ কৰে ।

নিশ্চয়ৰ ঘৰৰ পৰা ওলাই কিশোৰজন পীতমপুৰাৰ এখন উদ্যানত বহি আছিল । সেই অঞ্চলত তালাচী চলাই থকাৰ সময়ত কিশোৰজন আৰক্ষীৰ চকুত পৰে । তাৰ পাছত তাৰ পৰা তেওঁক উদ্ধাৰ কৰি পৰিয়লক গতাই দিয়া হয় । ফলত লক্ষ্যৰ একেবাৰে কাষ চাপিও কিশোৰৰ ইচ্ছা পূৰণ নহ’ল ।

Exit mobile version