Asauddin Owaisi : ‘আমিয়ে সৰ্বাধিক কণ্ড’ম ব্যৱহাৰ কৰো’, ভগৱতক কটাক্ষ ওৱেইছিৰ

WhatsApp Image 2022 10 09 at 18.00.22

মুছলমানেই সৰ্বাধিক কণ্ড’ম ব্যৱহাৰ কৰে । সংঘপ্রধান মোহন ভাগৱতৰ মন্তব্যৰ পৰিপ্রেক্ষিতত এই দাবী কৰিলে মজলিছ-এ-ইত্তেহাদ-মুছলিমিন (এমআইএম) দলৰ নেতা আছাউদ্দিন ওৱেইছিয়ে । হায়দৰাবাদৰ সাংসদৰ দাবী, ভাৰতত মুছলমানৰ জনসংখ্যা বৃদ্ধি হোৱা নাই । বৰঞ্চ কমিছে ।

কিছু দিন পূৰ্বে জনসংখ্যা নিয়ন্ত্রণ আইনৰ পক্ষত প্ৰশ্ন কৰে সংঘপ্ৰধান ভাগৱতে । তেওঁ কয়, ‘‘ধর্মভিত্তিক জনসংখ্যাৰ ভাৰসাম্য ঠিক নাথাকিলে ই ভৌগোলিক সীমান্ত পৰিৱর্তন কৰিব পাৰে । জনসংখ্যা নিয়ন্ত্রণ আৰু ধর্মভিত্তিক জনসংখ্যাৰ ভাৰসাম্য এনে এটা গুৰুত্বপূর্ণ বিষয়, যিটো কোনো প্ৰকাৰেই অগ্রাহ্য কৰিব নোৱাৰি ।’’

তেওঁ লগতে কয়, ‘‘দেশৰ স্বার্থত এটা সামগ্রিক জনসংখ্যা নীতি গ্রহণৰ প্রয়োজন, যিটো সকলোৰে ক্ষেত্রত সমানভাৱে প্রযোজ্য হ’ব ।’’ ভাগৱতৰ যুক্তি, মূলতঃ হিন্দু সমাজতেই জন্মহাৰ কমিছে । মুছলমান সমাজত জন্মহাৰ কমাৰ হাৰ হিন্দুৰ তুলনাত নগণ্য । সংঘ নেতাসকলৰ একাংশৰ মতে, এই গতিত চলিলে জনসংখ্যাৰ বিস্ফোৰণৰ জৰিয়তে আগন্তুক দিনত দেশত সংখ্যাগুৰু হৈ উঠিব মুছলিমসকল । সেয়ে জনসংখ্যা নিয়ন্ত্রণ বিল অনা জৰুৰী বুলি মত পোষণ কৰে সংঘ নেতাসকলে ।

শনিবাৰে এটা সভাত এই বিষয়ত মন্তব্য কৰে ওৱেইছিয়ে । তেওঁ কয়, ‘‘আপোনালোক আতংকিত নহ’ব । মুছলমানসকলৰ জন্মহাৰ বৃদ্ধি পোৱা নাই । বৰঞ্চ কমিছে ।’’ তেওঁ লগতে কয়, ‘‘কোনে সৰ্বাধিক কণ্ড’ম ব্যৱহাৰ কৰে ? আমি (মুছলমান) । মোহন ভগৱতে এই সন্দৰ্ভত একো নক’লে ।’’

ভগৱতক কটাক্ষ কৰি ওৱেইছিয়ে কয়, ‘‘কেন্দ্রৰ তথ্য অনুযায়ী মুছলিমসকলৰ জন্মহাৰ দুই শতাংশ কমিছে । আপুনি যদি তথ্য বিকৃত কৰে, সেইটো আপোনাৰ সমস্যা ।’’ ইয়াৰ পাছত বিজেপি চৰকাৰক কটাক্ষ কৰি তেওঁ মন্তব্য, ‘‘আপুনি চাকৰিও নিদিব, বেতনো নবঢ়াব । ২০৬১ পর্যন্ত দেশৰ অর্ধেক জনসংখ্যা খাদ্য আৰু ঔষধৰ বাবে তেওঁলোকৰ সন্তানৰ ওপৰত নির্ভৰশীল হ’ব । কিন্তু তেওঁলোকক কোনে খোৱাব ? বিজেপি আৰু আৰএছএছ-এ সিদ্ধান্ত লৈছে যে, তেওঁলোকে খাদ্যৰ ব্যৱস্থা নকৰি মুছলমানসকলক আক্ৰমণ কৰিব ।’’

Exit mobile version