ASSAM NATYA SAMMELON STRONGLY PROTESTS : ৰূপকোঁৱৰ সৃষ্টি “লভিতা”ৰ বিকৃত উপস্থাপনত তীব্ৰ প্ৰতিবাদ অসম নাট্য সন্মিলনৰ

নাটকখন মঞ্চস্থ কৰাৰ পৰা বিৰত থকাৰ আহ্বান

WhatsApp Image 2022 10 09 at 19.37.01

ASSAM NATYA SAMMELON STRONGLY PROTESTS : অসমীয়া জাতিৰ কলা-সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা অসমীয়া জাতিৰ প্ৰাণস্বৰূপ অসমৰ সৰ্ব কালৰ সৰ্ব শ্ৰেষ্ঠ নাট্যকাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা । আগৰৱালাৰ অমৰ সৃষ্ঠি “লভিতা” নামৰ নাটকখন বিকৃত আৰু এক মনে সজা ধ্যান-ধাৰণাৰে অসমৰ অন্যতম ভ্ৰাম্যমাণ নাট্য দল “আৱাহন থিয়েটাৰে” মঞ্চস্থ কৰা কাৰ্য্যক অসম নাট্য সন্মিলনে তীব্ৰ প্ৰতিবাদ জনাইছে ।

অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাস, প্ৰধান সম্পাদক গিৰিধৰ ৰয় আৰু প্ৰচাৰ কোষৰ সভাপতি যুগান্ত বায়নে প্ৰকাশ কৰা এটা বিবৃতিত কয় যে অসমৰ আগশাৰী ভ্ৰাম্যমাণ নাট্য দল আৱাহন থিয়েটাৰে বিগত সময়ছোৱাত কেইবাখনো কলা সন্মত নাটক প্ৰদৰ্শন কৰি অসমৰ নাট্য সাহিত্যৰ জগত শক্তিশালী কৰি তুলিছে । এনেকুৱা অতি জনপ্ৰিয় নাট্যদল আৱাহন থিয়েটাৰে অসমীয়া জাতিৰ আবেগ জড়িত হৈ থকা ৰূপকোঁৱৰৰ অনবৈদ্য সৃষ্টি লভিতাক বিকৃত ৰূপত উপস্থাপনেৰে নতুন প্ৰজন্মৰ মাজলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰাজিৰ ক্ষেত্ৰত এক ভুল আৰু সংগতিহীন বাৰ্তা কঢ়িয়াই নিব বুলি শংকা প্ৰকাশ কৰিছে ।

লভিতা নাটকখনৰ কেবাটাও মৌলিক উপাদানক বিকৃত ৰূপত উপস্থাপন কৰি ৰূপকোঁৱৰৰ মহান সৃষ্টিক অপমান কৰা কাৰ্য্য অতি নিন্দনীয় বুলি অসম নাট্য সন্মিলনে মত প্ৰকাশ কৰিছে । একমাত্ৰ ব্যৱসায়ীক স্বাৰ্থ আগত ৰাখি অসমৰ চনাম ধন্য নাট্যকাৰসকলৰ মৌলিক সৃষ্টিক যাতে কোনো কাৰণতে অশুদ্ধ, বিকৃত আৰু নিজৰ খেয়ালী মনোভাৱেৰে উপস্থাপন কৰিব নোৱাৰে তাৰ বাবে নাট্য সন্মিলনে সতৰ্ক সৃষ্টি ৰাখিবলৈ ৰাইজক আহ্বান জনাইছে । অসম নাট্য সন্মিলনে ২০২১ চনৰ ২ ডিচেম্বৰতেই অসমৰ সাংস্কৃতিক মন্ত্ৰী আৰু সাংস্কৃতিক সঞ্চালকক দিয়া এক স্মৰণপত্ৰ যোগে ভ্ৰাম্যমাণ থিয়েটাৰ দৰ্শক ফৰামে কৰা অভিযোগৰ ভিত্তিত ৰূপকোঁৱৰ সৃষ্টিক আঘাট সানিব পৰা কাৰ্য্যক বন্ধ কৰাৰ বাবে আহ্বান জনাইছিল।

অসম নাট্য সন্মিলনে আহ্বায়ক সমিতিসমূহক যিসকলে আৱাহন থিয়েটাৰক আমন্ত্ৰণ কৰিছে সেই সমিতিসমূহক লভিতা নাটকখন মঞ্চস্থ কৰাৰ পৰা বিৰত ৰাখিবলৈ আহ্বান জনাইছে। সময় থাকোতে অসমৰ ৰাইজে এনে বিকৃতিকৰণৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণ নকৰিলে অদূৰ ভৱিষ্যতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আৰু মাধৱদেৱৰ অমিয়া সৃষ্টি নাট, ভাওনা, ঘোষা আৰু বৰগীতৰ মৌলিকতাক ধ্বংস কৰি নিজৰ মতে উপস্থাপন কৰাৰ চেষ্টা কৰিব বুলি অসম নাট্য সন্মিলনে আশংকা প্ৰকাশ কৰিছে ।

Exit mobile version