Bangladesh miscreants torch house in a village in tripura : ত্ৰিপুৰাৰ ভাৰত – বাংলাদেশ সীমান্তত চেপাহিজালাত বাংলাদেশী দুৰ্বৃত্তই জ্বলালে বাসগৃহ

WhatsApp Image 2022 10 09 at 17.02.14 1

Bangladesh miscreants torch house in a village in tripura : ত্ৰিপুৰাৰ ভাৰত -বাংলা সীমান্তত নিৰাপত্তা বাহিনীৰ কটকটীয়া বেষ্টনী ভেদি দিনক দিনে বৃদ্ধি পাইছে বাংলাদেশী দুৰ্বৃত্তৰ অপৰাধজনিত কামকাজ ৷
শেহতীয়াকৈ ত্ৰিপুৰাৰ বাংলা সীমান্তৰ চেপাহিজালা জিলাৰ এখন ভিতৰুৱা গাঁও এখনৰ এটা বাসগৃহ জ্বলাই দিয়াৰ কথা পোহৰলৈ আহিছে ৷ ইতিমধ্যে সীমান্ত সুৰক্ষা বাহিনী(BSF)য়ে ঘটনাটোৰ বিষয়ে বৰ্ডাৰ গাৰ্ডছ বাংলাদেশৰ (বিজিবি) অৱগত কৰি অপৰাধীক শাস্তিৰ দাবী উদ্থাপন কৰে৷

শণিবাৰে পুৱতি নিশা চেপাহিজালা জিলাৰ সোভাপুৰ গাঁৱত ঘটনাটো সংঘটিত হয় অগ্নি সংযোগৰ ঘটনা৷ উল্লেখ্য যে অগ্নিকাণ্ডত ভস্মীভূত হোৱা গৃহটো সীমান্তৰ শূন্য ৰেখা বিন্দুত অৱস্থিত আছিল। যিজন ভাৰতীয় নাগৰিকৰ ঘৰত জুই লগোৱা হৈছিল তেওঁক মিজান মিঞা বুলি চিনাক্ত কৰা হৈছে। অগ্নিকাণ্ডত ঘৰটোৰ সকলো সা-সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয়। লক্ষণীয়ভাৱে আক্ৰমণকাৰীসকলে সীমান্তত টহল দি থকা বিএছএফৰ চকুত ধুলি দি অনধিকাৰ প্ৰৱেশ কৰিছিল ভাৰতীয় গাঁওখনত। আক্ৰমণৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও সীমান্তৰ চোৰাং ব্যৱসায়ক লৈ মতবিৰোধ হোৱাৰ কাৰণ হ’ব পাৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।

Exit mobile version