RBI : ব্যক্তিগত ক্রিপ্ট’কাৰেন্সিয়ে দেশৰ অর্থনৈতিক ভাৰসাম্য নষ্ট কৰিছে, সতৰ্কবাণী ৰিজার্ভ বেংকৰ

original imagesoriginal imageshttpsg.foolcdn.c.width 880 SfbkM9V

ব্যক্তিগত ক্রিপ্ট’কাৰেন্সিয়ে দেশৰ অর্থনৈতিক স্থিতিশীলতা নষ্ট কৰা বুলি দাবী কৰিছে ৰিজার্ভ বেংক অৱ ইণ্ডিয়াই । দেশৰ ডিজিটেল কাৰেন্সি সন্দৰ্ভত ৰিজার্ভ বেংকৰ তৰফৰ পৰা জনাইছে, ব্যক্তিগত ক্রিপ্ট’কাৰেন্সিৰ বাবে ভাৰতৰ অর্থনীতিত সামগ্রিক ভাৰসাম্য নষ্ট হৈছে । আগন্তুক দিনত ইয়াৰ ফলাফল ভয়ানক হ’ব বুলি মত ৰিজার্ভ বেংকৰ শীর্ষকর্তাৰ ।

ব্যক্তিগত ক্রিপ্ট’কাৰেন্সি সন্দৰ্ভত পূৰ্বেও উদ্বেগ প্রকাশ কৰিছিল ৰিজার্ভ বেংকে । ৰিজার্ভ বেংকৰ গভর্নৰ শক্তিকান্ত দাসে জুনতেই কৈছিল, “কোনো বাহিৰা নাম দি দ্ৰব্যৰ দাম বঢ়াই দিয়ার ক্ষমতা ৰাখে ক্রিপ্ট”কাৰেন্সিয়ে । ফলত বিশ্বাসৰ ভিত্তিত দ্রব্যমূল্য নির্ধাৰণৰ যি শৃংখল, সেয়া নষ্ট হৈছে ।”

ব্যক্তিগত ক্রিপ্ট’কাৰেন্সি ৰোধ কৰিবলৈ আগতেও কিছু পৰিকল্পনা কৰিছিল ৰিজার্ভ বেংকে । কিন্তু কোনো এখন দেশৰ বাবে ইয়াৰ ব্যৱহাৰ ৰোধ কৰা সম্ভৱ নহয় বুলি দাবী কর্তৃপক্ষৰ । পৰৱর্তী জি-২০ বৈঠকত এই বিষয়টো আলোচনাৰ বাবে উত্থাপন কৰিব পাৰে ভাৰতে । প্রসংগত, আগন্তুক জি-২০ বৈঠকত ভাৰতেই সভাপতিত্ব কৰিব ।

Exit mobile version