দুই কোটি টকাত বিক্ৰী হ’ল বছৰৰ আটাইতকৈ দামী ভেড়াটো

elite expensive sheep 633bf7757990d

২০-২৫ হাজাৰ নহয়, ভাৰতীয় মুদ্ৰাত দুই কোটি টকাত বিক্ৰী হ’ল এটা ভেড়া । তাৰ লগতে চলিত বৰ্ষৰ সবাতোকৈ দামী ভেড়াৰ খিতাপো অৰ্জন কৰিলে এই প্ৰাণীটোৱে ।

এই ভেড়াটো অষ্ট্ৰেলিয়াৰ নিউ ছাউথ ৱেলছত বিক্ৰী হৈছে । স্থানীয় সংবাদ মাধ্যমে জনোৱা মতে , এই ভেড়াটো ক্ৰয় কৰিছে ‘এলিট অষ্ট্ৰেলিয়ান হোৱাইট ছিণ্ডিকেট ‘ নামৰ সংস্থাটোৱে । যিহেতু অষ্ট্ৰেলিয়াত ভেড়াৰ মাংস আৰু নোমৰ চাহিদা বহু বেছি । বিশেষকৈ মঙহৰ বাবে বগা ভেড়াৰ চাহিদা দিনক-দিনে বৃদ্ধি পাইছে ।

এই বিপুল চাহিদাৰ বাবেই এই প্ৰজাতিৰ ভেড়াৰ মূল্যও বাঢ়িবলৈ আৰম্ভ কৰিছে । ইফালে ভেড়াটোৰ বিক্ৰেতা গ্ৰাহাম গিলমোৰে জনাইছে যে , তেওঁৰ ভেড়াটোৰ মূল্যই কোটি টকা অতিক্ৰম কৰিব বুলি কল্পনাও কৰা নাছিল । অৱশ্যে এই ভেড়াটো এক বিশেষ প্ৰজাতিৰ আৰু ইহঁতৰ শৰীৰৰ বেছি নোম নাথাকে । কেৱল মাংসৰ বাবেই এই প্ৰজাতিৰ ভেড়া প্ৰতিপালন কৰা হয় । এইবিধ ভেড়া দ্ৰুত গতিৰে বৃদ্ধি হয় । অষ্ট্ৰেলিয়াত যিহেতু ভেড়াৰ মাংসৰ চাহিদা প্ৰচুৰ , সেয়ে পাতল নোমৰ এই ভেড়াৰ চাহিদাও বাঢ়িবলৈ আৰম্ভ কৰিছে ।

গ্ৰাহামে তেওঁৰ ভেড়াটো যেতিয়া বিক্ৰি কৰাৰ সিদ্ধান্ত লৈছিল তেতিয়া বজাৰত ভেড়াটো ক্ৰয় কৰাৰ বাবে কে’বাজনো গ্ৰাহক আহিছিল । তেওঁলোকৰ ভিতৰত দৰ-দামৰ অন্তত ‘এলিট অষ্ট্ৰেলিয়ান হোৱাইট ছিণ্ডিকেট ‘ৰ চাৰিজন সদস্যই দুই কোটি টকাৰ বিনিময়ত ভেড়াটো কিনি লয় ।

উল্লেখ্য যে, যোৱা বছৰ স্কটলেণ্ডত এটা ভেড়া তিনি কোটি ৫০ লাখ টকাত বিক্ৰী হৈছিল । ‘ ডাবল ডায়মণ্ড ‘ নামৰ ভেড়াটো আছিল টেক্সেল প্ৰজাতিৰ । ২০২১ ত সবাতোকৈ দামী ভেড়াৰ খিতাপ অৰ্জন কৰিছিল এই ভেড়াটোৱে ।

Exit mobile version