Dry Fruits : পুৱা উঠি খালি পেটত ড্রাই ফ্রুটছ খায় ? কেনেদৰে খালে অধিক সুফল পাব ?

1665379742 new project 2022 10 10t105817 803

কি খালে শৰীৰ সুস্থ থাকিব, তাক লৈ চর্চাৰ শেষ নাই । নিয়মিত শৰীৰচর্চা কৰাৰ উপৰিও দৈনন্দিন খাদ্যতালিকাত এনে কিছুমান খাদ্য ৰখা প্রয়োজন যিবোৰে ভিতৰৰ পৰা শৰীৰৰ প্রতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে । এই ধৰণৰ তালিকাত এনে কিছুমান খাদ্য আছে, যিবোৰ শুকানে খোৱাতকৈ তিয়াই খোৱা অধিক ফলদায়ক ।

অনেকেই পুৱা উঠি খালি পেটত বাদাম তিয়াই খায় । পুষ্টিবিদৰ মতে, কেৱল বাদামে নহয়, কিছুমান ড্রাই ফ্রুটছ আছে, যিবোৰ তিয়াই খালে অধিক সুফল পোৱা যাব । লগতে সুস্থ শৰীৰৰো সুস্থ থাকিব ।

কিছমিছ

কিছমিছত প্রচুৰ পৰিমাণে মেগনেছিয়াম, পটেছিয়াম, আয়ৰন আছে । নিয়মিত তিয়াই থোৱা কিছমিছ খালে কৰ্কট ৰোগৰ শংকা কমে । ৰক্তাল্পতাৰ সমস্যা কমোৱাতো সমভাৱে সহায় কৰে তিয়াই থোৱা কিছমিছে । গোটেই নিশা তিয়াই ৰখা কিছমিছ খালে অম্বলৰ সমস্যা কমে ।

কাজুবাদাম

ভিটামিনৰ পৰা আৰম্ভ কৰি ফাইবাৰ, ফেট, মিনাৰেলছ— সকলো ধৰণৰ পুষ্টিগুণ সমৃদ্ধ এই বাদাম । তেজ চলাচল সচল আৰু চকুৰ স্বাস্থ্য ভালে ৰাখিবলৈ দৈনন্দিন কাজুবাদাম খাব পাৰে । অৱশ্যে শীঘ্ৰে সুফল পাবলৈ তিয়াই থোৱা কাজুবাদাম খাব পাৰে ।

খেজুৰ

খনিজ পদার্থ, ভিটামিন, পটেছিয়ামৰ দৰে পুষ্টিগুণে পৰিপূৰ্ণ খেজুৰে শৰীৰৰ যত্ন লয় । ইয়াত ছালফাৰৰ পৰিমাণো কম নাই । যিসকলৰ এলার্জিৰ সমস্যা আছে, তিয়াই থোৱা খেজুৰ তেওঁলোকৰ বাবে যথেষ্ট উপযোগী । গোটেই নিশা তিয়াই ৰাখক । তাৰ পাছত পুৱা উঠি খালি পেটত খাওক । শীঘ্ৰে বহু সমস্যাৰ অৱসান ঘটিব ।

Exit mobile version