DRUGS SEIZED IN ASSAM-MIZORAM BORDER : অসম-মিজোৰাম সীমান্তত মাদকদ্রব্য সহ আটক এজন

WhatsApp Image 2022 10 11 at 18.02.51 1

DRUGS SEIZED IN ASSAM-MIZORAM BORDER : গোপন সূত্রৰ ভিত্তিত অসম-মিজোৰাম সীমান্ত অঞ্চলৰ কর্কটবস্তিৰ পৰা বিপুল পৰিমাণৰ মাদকসহ এজন ধৃতক আটক কৰিছে ধলাই আৰক্ষীয়ে । গোপন সূত্রৰ অনুসৰি, মজিবুৰ ৰহমান তালুকদাৰ নামৰ এজন লোকৰ ঘৰৰ পৰা মাদকসহ তেওঁক আটক কৰিছে আৰক্ষীয়ে ।

দেওবাৰে নিশা ধলাই আৰক্ষীৰ এদল তালুকদাৰৰ বাসগৃহত অভিযান চলাই ২৭৮ গ্রাম পৰিমাণৰ মাদকদ্রব্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । উদ্ধাৰ কৰা মাদক দ্রব্যৰ বজাৰমূল্য কে’বা লক্ষ টকা হ’ব বুলি অনুমান কৰা হৈছে । মাদক দ্রব্যৰ স’তে জড়িত ব্যক্তিক আটক কৰি ধলাই থানাত লৈ যোৱা হয় ।

ইপিনে, আটকাধীন মজিবুৰ ৰহমান তালুকদাৰৰ পত্নী ছুলতানা তালুকদাৰে জনায়, প্রতিদিনৰ দৰে দেওবাৰে নিশা তেওঁলোক শুই যোৱাৰ পাছত তেওঁলোকৰ ঘৰত আৰক্ষী উপস্থিত হয় । ঘৰত সোমাই দুৱাৰৰ সন্মুখৰ পৰা উদ্ধাৰ কৰে এই সামগ্রীবোৰ । কোনোৱে ব্যক্তিগত শত্রুতাৰ বাবে এই সমগ্রীবোৰ তেওঁলোকৰ দুৱাৰৰ সন্মুখত ৰখা বুলি জনায় তালুকদাৰৰ পত্নীয়ে ।

Exit mobile version