Navratri Car Sales : ২০২১ৰ তুলনাত ৫৭ শতাংশ বিক্রী বৃদ্ধি, উৎসৱৰ বতৰত অভিলেখ ‘গড়ী বিক্ৰী’ দেশত

WhatsApp Image 2022 10 11 at 19.20.08

Navratri Car Sales : ক’ভিডকালত গাড়ী বিক্রীত মন্দাৰ পাছত পুনৰ চংগা হ’ল ভাৰতৰ গাড়ীৰ বজাৰ । বিগত দুই বছৰত উৎসৱৰ বতৰত কম বিক্রীৰ পাছত নৱৰাত্রিত অভিলেখ বৃদ্ধি হৈছে গাড়ী বিক্ৰীত । ২০২১ৰ নৱৰাত্রিৰ তুলনাত ৫৭ শতাংশ বাঢ়িছে গাড়ী বিক্রী । বাইক, অট’, বহনক্ষম গাড়ী, যাত্রীবাহী গাড়ী আৰু ট্রেক্টৰৰ বিক্রীত যথাক্রমে ৫২ শতাংশ, ১১৫ শতাংশ, ৪৮ শতাংশ, ৭০ শতাংশ আৰু ৫৮ শতাংশ সকলো বিভাগতে বিক্রী আছে ।

গাড়ীৰ বিক্ৰী কেনেকুৱা ?
নৱৰাত্রি ২০১৯ৰ স’তে তুলনা কৰিলে (কোভিডৰ আগৰ) মুঠ খুচুৰা গাড়ীৰ বিক্রী ১৬ শতাংশ বাঢ়িছে । অট’ৰ স’তে টু হুইলাৰ বিক্রী বৃদ্ধি পাইছে অভিলেখ হাৰত । কিন্তু এই বিক্ৰীত প্রকৃত তাৰকা পিভি ছেগমেন্ট বা পেছেঞ্জাৰ ভেহিকল বিভাগ । চলিত বছৰত নৱৰাত্রিত পিভি বিক্রী আছিল ১,১০,৫২১টা, যি ২০২১ত আছিল ৬৪,৮৫০ ।

Car Sales : ছেমিকণ্ডাক্টৰৰ নাটনি পূৰণ
এই গাড়ী বিক্রীৰ তথ্যত আৰু দেখা যায় যে, ছেমিকণ্ডাক্টৰৰ নাটনি পূৰণ কৰি বর্তমান গাড়ীৰ সৰবৰাহ বহু উন্নত হৈছে । যাৰ ফলত কিছু হ’লেও স্বস্তি লাভ কৰিছে গাড়ী নির্মাণকাৰী সংস্থাবোৰে । গাড়ীৰ বিক্রী বৃদ্ধিৰ লগতে শ্ব’-ৰুমত সৰবৰাহ বাঢ়িছে । দেখা গৈছে, সাম্প্রতিক এছ‌ইউভি গাড়ীৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে ।

Maruti Suzuki Cars : মাৰুতি গাড়ীয়ে দৃষ্টি আকৰ্ষণ কৰিছে বজাৰত
কিছুদিন পূৰ্বে মাৰুতি ছুজুকিৰ নতুন এছ‌ইউভি উন্মোচন কৰা হৈছে । যাৰ ভিতৰত গ্ৰেণ্ড ভিটাৰা আৰু ব্রেজা আছে । ইতিমধ্যে ব্রেজাই বিক্রীৰ তালিকাত আধিপত্য অটুট ৰাখিছে । নতুন গ্ৰেণ্ড ভিটাৰাও পিছ পৰি থকা নাই । যিয়ে প্রচুৰ বুকিং পাই আগ্রহ বঢ়াইছে ক্রেতাসকলৰ । মহিন্দ্রাৰ দৰে অন্যান্য অট’মেকাৰসকলে নতুন স্কৰপিঅ’ এন উন্মোচন কৰি বজাৰত ধামাকা কৰিছে ।

এছইউভিৰ তালিকাত টাটায়ো নিজেৰ অৱদান আগবঢ়াইছে । টাটাৰ কে’বাটাও নতুন আকর্ষণীয় গাড়ীয়ে ক্রেতাৰ সংখ্যা বঢ়াইছে কোম্পানিৰ । ক্রেতাসকলৰ আগ্রহ বঢ়াইছে হুণ্ডাই ক্ৰেটাৰ দৰে মডেলবোৰে । সম্প্রতি উন্মোচন হোৱা ভেন্যুয়েও ক্রেতাৰ দৃষ্টি কাঢ়িছে । অৱশ্যে ইয়াৰ লগতে মুঠ গাড়ী বিক্রীৰ সংখ্যাত যোগ হৈছে বৈদ্যুতিক গাড়ীও । দৈনন্দিন বৃদ্ধি পাইছে এই গাড়ীৰ চাহিদা ।

নতুন গাড়ীৰ উন্মোচনে দীপাৱলীৰ পাছতো দেশৰ গাড়ী বজাৰৰ চাহিদা অটুট ৰাখিব । ক্রেতাসকলৰ আগ্রহ অটুট থাকিব নতুন উন্মোচনক লৈ । অৱশ্যে পৰিসংখ্যা অনুযায়ী, ক’ভিডৰ পূৰ্বৰ গাড়ী বিক্রীৰ সংখ্যা এতিয়াও অতিক্রম কৰিব পৰা নাই ২০২২এ ।

ছেপ্টেম্বৰ ২০১৯ত যি সংখ্যাত ভাৰতত গাড়ী বিক্রী হৈছিল, ২০২২ত সেই বিক্ৰী ফিগাৰ স্পৰ্শ কৰিব পৰা নাই কোম্পানিবোৰে । অৱশ্যে নৱৰাত্রিক কেন্দ্র কৰি গাড়ীৰ লগতে, টু-হুইলাৰ বিক্ৰী বাঢ়িছে । উৎসৱৰ বতৰত এই প্রৱণতা অটুট থাকিব বুলি আশাবাদী কোম্পানিবোৰ ।

Exit mobile version