NEW CITY BUS FARES NOTIFIED IN GUWAHATI : মহানগৰীত পুনৰ চিটী বাছৰ ভাড়া বৃদ্ধি !

উঠিলেই ভৰিব লাগিব নূন্যতম ভাড়া ১০ টকা,সৰ্বাধিক দিব লাগিব ৩০ টকা

WhatsApp Image 2022 10 11 at 15.29.30

NEW CITY BUS FARES NOTIFIED IN GUWAHATI : মহানগৰীত পুনৰ বৃদ্ধি কৰা হ’ল চিটী বাছৰ ভাড়া। যাত্ৰীয় চিটী বাছত উঠিলেই এতিয়াৰ দিব লাগিব ন্যূনতম ১০ টকা আৰু সৰ্বাধিক দিব লাগিব ৩০ টকা। প্ৰাপ্ত তথ্য মতে চিটিবাছ মালিক সন্থা আৰু ড্ৰাইভাৰ সন্থাৰে গোপনে মিলিত হৈ অসম চৰকাৰৰ পৰিবহন বিভাগে ভাড়া বৃদ্ধি সম্পৰ্কীয় অধিসূচনা জাৰি কৰে ১৪ ছেপ্তেম্বৰত  ৷

নতুন ভাড়া বৃদ্ধি অনুসৰি ৫ ৰ পৰা ৯ কিলোমিটাৰলৈকে দি লাগিব ১৫ টকা একেদৰে ৯ ৰ পৰা ১৩ কিলোমিটাৰ পৰ্যন্ত ১৮ টকা,১৩ৰ পৰা ১৭ কিলোমিটাৰলৈ ২২ টকা,১৭ৰ পৰা ২১ কিলোমিটাৰলৈকে ২৮ টকা, ২১ ৰ পৰা ২৫ কিলোমিটাৰ পৰ্যন্ত ভৰিব লাগিব ৩০ টকা ৷ লক্ষণীয়ভাৱে ২৫ কিলোমিটাৰৰ পৰা বেছি দূৰলৈ যাবলগীয়া যাত্ৰীয়ে প্ৰতি কিলোমিটাৰত অতিৰিক্তভাৱে ভৰিব লাগিব ১ টকাকৈ ৷

উল্লেখ্য যে পৰিবহন বিভাগৰ পৰা প্ৰাপ্ত সূত্ৰ মতে তেলৰ দাম বৃদ্ধিৰ বাবে চিটিবাছৰ ভাড়া বৃদ্ধি কৰা হৈছে ৷ ক’ৰণা কেন্দ্ৰীক পৰিস্থিতিত ব্যাপক ক্ষতিগ্ৰস্তৰ সন্মুখীন হৈছিল ব্যক্তিগত পৰিবহন খণ্ড৷ পৰিবেশ স্বাভাৱিক হোৱাৰ পিছত চিটিবাছ মালিক সন্থাই ভাড়া বৃদ্ধি কৰিবলৈ বিচাৰিছিল যদিও চৰকাৰৰ অনুৰোধ ভাড়াবৃদ্ধি স্থগিত কৰিছিল ৷ কিন্ত শেহতীয়াকৈ পেট্ৰল- ডিজেলৰ দাম বৃদ্ধি হোৱাত চিটিবাছ মালিক সন্থাই ভাড়া বৃদ্ধি আহ্বান জনাইছিল চৰকাৰক৷ অৱশেষত চৰকাৰে গোপনে মালিক পক্ষৰ লগত মিলিত হৈ ভাড়া বৃদ্ধি কৰে চিটিবাছৰ ৷

স্মতৰ্ৱ্য যে ইয়াৰ পূৰ্বে চিটিবাছৰ সৰ্বনিম্ন ভাড়া আছিল ৮ টকা  ৷ কিন্ত খুচুৰা পইচাৰ অচিলা লৈ অতিৰিক্তভাৱে নূন্যতম ভাড়া সংগ্ৰহ কৰি আহিছিল ১০ টকা ৷

Exit mobile version