Supreme Court of India : চাৰি ন্যায়াধীশৰ নিয়োগ প্ৰক্ৰিয়া স্থগিত

WhatsApp Image 2022 10 11 at 14.44.24

Supreme Court of India : শীর্ষ আদালতৰ চাৰি ন্যায়াধীশৰ শূন্য পদ পূৰণৰ প্রক্রিয়া স্থগিত কৰিলে পাঁচ শীর্ষ ন্যায়াধীশৰ কলেজিয়ামে । ফলত মুখ্য ন্যায়াধীশ ইউ ইউ ললিতৰ নেতৃত্বাধীন কলেজিয়ামে সেই চাৰি শূন্য পদ পূৰণত পদক্ষেপ গ্ৰহণ নকৰে । ন নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ ললিতে । ইয়াৰ পাছতে নতুন মুখ্য ন্যায়াধীশ নেতৃত্বাধীন কলেজিয়ামে এই বিষয়ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ।

কালি কলেজিয়ামত গৃহীত প্রস্তাৱৰ পৰা জানিব পৰা গৈছে, শীর্ষ আদালতৰ ন্যায়াধীশ পদত নাম আবেদনৰ ক্ষেত্রত উচ্চ ন্যায়ালয়ৰ সংশ্লিষ্ট ন্যায়াধীশে দিয়া ৰায় পৰ্যবেক্ষণ কৰিছে কলেজিয়ামৰ সদস্যসকলে । লগতে তেওঁলোকৰ যোগ্যতাও পৰ্যবেক্ষণ কৰা হৈছে । অৱশ্যে এই যোগ্যতা নির্ধাৰণৰ মাপকাঠি কি, সেয়া স্পষ্ট নহয় । এনে পদক্ষেপ এয়ে প্রথম বুলি জনাইছে কলেজিয়ামে ।

স্পষ্টভাৱে জনোৱা হৈছে, শীর্ষ আদালতৰ ন্যায়াধীশ পদত নাম আবেদনৰ বাবে ২৬ ছেপ্টেম্বৰত কলেজিয়ামৰ বৈঠক অনুষ্ঠিত হয় । সেই বৈঠকত ১১টা নাম বিবেচনা কৰা হৈছিল । ব’ম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপংকৰ দত্তৰ নাম সর্বসম্মতভাৱে গৃহীত হয় । বাকী ১০ জনৰ নাম সন্দৰ্ভত বৈঠক ৩০ ছেপ্টেম্বৰ পর্যন্ত পিছুৱাই দিয়া হয় । কাৰণ, উচ্চ ন্যায়ালয়ৰ যিসকল ন্যায়াধীশৰ নাম বিবেচনা কৰা হৈছে তেওঁলোকৰ আৰু কে’বাটাও ৰায় পৰ্যবেক্ষণ কৰিব বিচাৰিছে কলেজিয়ামৰ কিছুসংখ্যক সদস্য‌ই । ২৬ ছেপ্টেম্বৰৰ বৈঠকতেই প্রথম সংশ্লিষ্ট ন্যায়াধীশৰ ৰায় পৰ্যবেক্ষণ কৰিবলৈ যুক্তিসন্মতভাৱে বিচাৰ কৰাৰ পদ্ধতি ব্যৱহাৰ কৰা হয় বুলি জনাইছে কলেজিয়ামে ।

ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ অনুপস্থিতিৰ ফলত ৩০ ছেপ্টেম্বৰৰ বৈঠক অনুষ্ঠিত নহয় । কলেজিয়ামে কালি গৃহীত প্রস্তাৱত জনায়, ইয়াৰ পাছত কলেজিয়ামৰ বাকী চাৰি সদস্যক ফাইল প্ৰেৰণ কৰি চাৰিটা শূন্য পদৰ বাবে নামত সন্মতি বিচাৰে প্রধান ন্যায়াধীশ ইউ ইউ ললিতে । কিন্তু এই পদ্ধতিত ন্যায়াধীশসকলৰ নাম আবেদন কৰাত আপত্তি জনায় ন্যায়াধীশ চন্দ্রচূড় আৰু ন্যায়াধীশ এছ আব্দুল নাজিৰে । অৱশ্যে তেওঁলোকৰ পত্ৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদপ্রার্থীসকলৰ বিৰুদ্ধে কোনো মন্তব্য কৰা নাই বুলি কলেজিয়ামৰ তৰফৰ জনাইছে ।

দুই অক্টোবৰত মুখ্য ন্যায়াধীশ ললিত, ন্যায়াধীশ চন্দ্রচূড় আৰু ন্যায়াধীশ নাজিৰৰ আপত্তিৰ কাৰণ আৰু বিকল্প উপায়ৰ কথা জানিব বিচাৰে । কিন্তু তেওঁলোকে উত্তৰ নিদিয়ে । কলেজিয়ামৰ তৰফৰ পৰা জনাইছে, ফলত ন্যায়াধীশসকলৰ বৈঠকত এই সন্দৰ্ভত আলোচনাৰ বাহিৰে উপায় নাছিল । কিন্তু ইয়াৰ মাজতেই মুখ্য ন্যায়াধীশ ললিতক পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্রীয় আইনমন্ত্রীয়ে । তেওঁক উত্তৰসূৰিৰ নাম আবেদন কৰিবলৈ অনুৰোধ কৰা হৈছে ।

ন নৱেম্বৰত মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে ললিতে । কলেজিয়ামে জনাইছে, ‘‘এনে পৰিস্থিতিত ৩০ ছেপ্টেম্বৰৰ বৈঠকৰ অসমাপ্ত কাম সম্পর্কে আৰু কোনো পদক্ষেপৰ প্রয়োজন নাই । বিষয়টো সন্দৰ্ভত আৰু কোনো আলোচনাৰো প্রয়োজন নাই ।’’

Exit mobile version