3 SUSPECTED POACHERS HELD IN JAKHALABONDHA : গড় চিকাৰৰ উদ্দেশ্যৰে বাহৰ পাতি থকা তিনি দুৰ্ধৰ্ষ চোৰাং চিকাৰীক অস্ত্ৰ সহ আটক জখলাবন্ধাত

WhatsApp Image 2022 10 12 at 16.28.40

3 SUSPECTED POACHERS HELD IN JAKHALABONDHA : গড় চিকাৰ কৰাৰ উদ্দেশ্যৰে কলিয়াবৰ শাকমুঠি চাহ বাগিচাৰ ২০ নং লাইনত বাহৰ পাতি থকা তিনি দুৰ্ধৰ্ষ চোৰাং চিকাৰীক অস্ত্ৰ সহ আটক কৰে জখলাবন্ধা আৰক্ষীয়ে ৷ এটা হাতেসজা বন্দুক, চোকা অস্ত্ৰ আৰু আপত্তিজনক সামগ্ৰীৰে আটক কৰা তিনি চোৰাং চিকাৰী ক্ৰমে কেদাৰ দাস, পৱন দাস, লক্ষীন্দৰ মণ্ডল। কেদাৰ দাস আৰু লক্ষীন্দৰ মণ্ডলৰ ঘৰ কলিয়াবৰৰ নলতলীতৰ বিপৰীতে ধৃত পৱন দাসৰ ঘৰ জখলাবন্ধাৰ বামুণী পথাৰত ।

আৰক্ষীয়ে জানিব দিয়া মতে গঁড় হত্যাৰ উদ্দেশ্য লৈ আটকাধীন তিনি চোৰাংচিকাৰীয়ে বাহৰ পাতি আছিল শাকমুঠী চাহ বাগিচাৰ ২০ নং লাইনত । আনহাতে ধৃত তিনি চোৰাং চিকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত বন্দুক আদি সামগ্ৰী যোগান ধৰোতা শাকমুঠী চাহ বাগিচা নিবাসী মোহন তাঁতী নামৰ আন এজন যুৱকক আটক কৰে জখলাবন্ধা আৰক্ষীয়ে।
আৰক্ষীয়ে অধিক তথ্যৰ বাবে চাৰি ধৃতক অব্যাহত ৰাখিছে জেৰা ৷

Exit mobile version