FLOOD SITUATION IN ASSAM THREE DIST : উজনি-উত্তৰ অসমত আবতৰীয়া বানৰ সংহাৰী ৰূপ

৪৬ খন গাওঁ জলমগ্ন,৩৪,০০০ লোক ক্ষতিগ্ৰস্ত

WhatsApp Image 2022 10 12 at 14.29.52

 FLOOD SITUATION IN ASSAM THREE DIST : যোৱা তিনিদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ তিনি জিলাৰ নদ-নদী উফন্দি উঠি বানপানী সৃষ্টি কৰে ৷ বাঢ়নী পানীৰেধেমাজী,লখিমপুৰ আৰু ডিব্ৰুগড়ৰ তিনিখন জিলাৰ ৪৬ খন গাওঁ জলমগ্ন হৈ পৰিছে। একেদৰে ৮,৩৭৮ জন শিশুসহ প্ৰায় ৩৪,০০০ লোক ক্ষতিগ্ৰস্ত হৈছে । যোৱা কেইদিনমানত অসম আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কিছু অংশত নেৰানেপেৰা বৰষুণৰ ফলত বহুতো নদীৰ পানীৰ স্তৰ দ্ৰুতগতিত বৃদ্ধি পাইছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ) মতে, ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ যোৰহাটৰ নিয়ামতীঘাটত বিপদসীমাৰ ওপৰেৰে বৈ আছে। আনহাতে উত্তৰ অসমৰ ধেমাজি জিলাত ১৫,০৮৪ জন লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে লখিমপুৰত ১৪,৮৯৫ জন আৰু ডিব্ৰুগড় জিলাত ৩,৮৫৭ জন প্ৰভাৱিত হৈছে । এএছডিএমএৰ তথ্য অনুসৰি ধেমাজি জিলাৰ ২২ খন, লখিমপুৰ জিলাৰ ২৩ খন গাওঁ আৰু ডিব্ৰুগড় জিলাৰ এখন গাওঁ বৰ্তমান বানৰ কবলত।

লক্ষণীয়ভাৱে বানপানীৰ ফলত তিনি জিলাত ১,৩০০ হেক্টৰ শস্যভূমি জলমগ্ন । ধেমাজি জিলা প্ৰশাসনে বানপীড়িত অঞ্চলসমূহত ছয়টা সাহায্য শিৱিৰ স্থাপন কৰি বানাক্ৰান্ত সকলক আশ্ৰয় দিয়ে । উল্লেখ্য যে ধেমাজি আৰু লখিমপুৰ জিলাত বানপানীৰ ফলত প্ৰায় ১১,০০০ পশুধন প্ৰভাৱিত হৈছে ।

মঙলবাৰে বানপানীৰ ফলত লখিমপুৰ জিলাৰ নওবৈচাৰ এটা পথ আৰু ধেমাজি আৰু লখিমপুৰ জিলাৰ দুটা পথ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় । আজিও পুৱাৰে পৰা দি থকা মুষলধাৰ বৰষুণে পৰিস্থিতি অতি জটিল কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে জিলা প্ৰশাসন ৷ অৱশ্যে পৰিস্থিতি মোকাবিলা কৰিবৰ বাবে এছডিআৰএফ আৰু এন ডি আৰ এফ সাজু কৰি ৰাখিছে সংশ্লিষ্ট জিলা প্ৰশাসন সমূহে ৷

Exit mobile version