UNION CABINET : ১১ লাখৰো অধিক ৰে’ল কৰ্মচাৰীয়ে লাভ কৰিব ৭৮ দিনৰ বোনাচ

কেন্দ্ৰীয় কেবিনেট বৈঠকত অনুমোদন

WhatsApp Image 2022 10 12 at 20.11.17

UNION CABINET : কেন্দ্ৰীয় কেবিনেটে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে ৰে’ল কৰ্মচাৰীসকলক ৭৮ দিনৰ সমান উৎপাদনশীলতা সংযোজিত বোনাচ পৰিশোধৰ বাবেও অনুমোদন জনাইছে । ১১.২৭ লাখ ৰে’ল কৰ্মচাৰীক ১৮,৩২ কোটি টকাৰ উৎপাদনশীলতা-সংযোজিত বোনাচ প্ৰদান কৰা হ’ব । ই ৭৮ দিনৰ বোনাচ হ’ব আৰু ইয়াৰ সৰ্বাধিক সীমা হ’ব ১৭,৯৫৭ টকা ৷

আনহাতে কেন্দ্ৰীয় কেবিনেটে ৰন্ধন গেছৰ (এলপিজি)বাবে ৰাজ্যিক মালিকানাধীন তেল বিপণন কোম্পানী সমূহক এককালীন ক্ষতিপূৰণ ৰখাৰ বাবে অনুমোদন জনাইছে। ইয়াৰ বাবে বিত্ত মন্ত্ৰালয়ে নগদ ২২,০০০ কোটি টকা পৰিশোধ কৰিবলৈ সন্মত হৈছে। ইণ্ডিয়ান অইল নিগম, ভাৰত পেট্ৰ’লিয়াম নিগম আৰু হিন্দুস্তান পেট্ৰ’লিয়াম নিগম এই অনুদানৰ হিতাধিকাৰী হ’ব। কেবিনেটৰ সিদ্ধান্ত সদৰি কৰি কেন্দ্ৰীয় চৰকাৰৰ মুখপাত্ৰ তথা কেন্দ্ৰীয় বিত্ত দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰে কয়, “সমগ্ৰ বিশ্বতে এলপিজিৰ মূল্য বৃদ্ধি পাইছে। ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ তেল বিপণন কোম্পানীবোৰক এককালীন ২৩,০০০ কোটি টকাৰ অনুদান দিয়া হৈছে যাতে বৰ্ধিত মূল্যৰ বোজা সাধাৰণ লোকৰ ওপৰত নপৰে। ”
একেদৰে কেন্দ্ৰীয় কেবিনেটে বহু-ৰাজ্যিক সমবায় সমিতি (সংশোধনী) বিধেয়ক,২০২২ত অনুমোদন জনাইছে৷ যিয়ে বহু-ৰাজ্যিক সমবায় সমিতি আইন, ২০০২ সংশোধন কৰিব বিচাৰে। ইয়াত ৯৭ তম সংবিধান সংশোধনীৰ ব্যৱস্থা অন্তৰ্ভুক্ত থাকিব। কেবিনেটে ২০২২-২৩ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ পঞ্চদশ বিত্ত আয়োগৰ বাকী চাৰি বছৰৰ বাবে উত্তৰ-পূব অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন উদ্যোগ (পিএম-ডিইভাইন) নতুন আঁচনিত অনুমোদন জনাইছে ।

Exit mobile version