UPI to be accepted in Europe : বিদেশত ইউপিআই-ৰ মাধ্যমত কৰিব পাৰিব পেমেন্ট, ৰুপে সম্পৰ্কত আলোচনা অব্যাহত

WhatsApp Image 2022 10 12 at 17.33.40

UPI to be accepted in Europe : ‘এনপিচিআই ইন্টাৰনেছনেল পেমেন্টছ লিমিটেড’ হ’ল নেছনেল পেমেন্ট কর্প’ৰেছন অৱ ইণ্ডিয়াৰ আন্তর্জাতিক শাখা । এনে পৰিস্থিতিত ৱর্ল্ডলাইনৰ স’তে অংশীদাৰিত্বৰ জৰিয়তে ভাৰতৰ লেনদেনৰ মাধ্যমক ইউৰোপত গ্রহণযোগ্য কৰি তুলিব বিচাৰিছে ভাৰতে ।

ভাৰতত ক্রমে জনপ্রিয় হৈ উঠিছে ইউপিআই সেৱা । শ্বপিং মলৰ পৰা সৰু দোকান, সকলোতেই এতিয়া ইউপিআই-ত টকা লেনদেন কৰিব পাৰি ভাৰতত । ২০২১ত, ইউপিআই লেনদেনৰ পৰিমাণ আছিল ৩৮.৭৪ বিলিয়ন টকা । মার্কিন ডলাৰৰ নিৰিখত যাৰ মূল্য আছিল ৯৫৪.৫৮ বিলিয়ন ।

কেৱল ইউপিআই নহয়, পৰৱর্তী কালত ইউৰোপত ৰুপে ডেবিট আৰু ক্রেডিট কার্ডো ব্যৱহাৰ কৰিব পাৰিব ভাৰতীয়সকলে । কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰামনে আমেৰিকাৰ এটা অনুষ্ঠানত জনায়, বিভিন্ন দেশত ৰুপে গ্রহণযোগ্য কৰিবৰ বাবে আলোচনা আৰম্ভ কৰিছে ভাৰতীয় বিত্তমন্ত্রণালয়ে ।

কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে প্রকাশ কৰিছে যে, ৰুপে সম্পৰ্কত শীঘ্রে ইতিবাচক খবৰ পাব । কিছুসংখ্যক দেশে ৰুপেক অনুমোদন দিবলৈ উদ্যোগী হৈছে বুলিও জনায় তেওঁ । ছিংগাপুৰ আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীয়ে এই বিষয়ত সহযোগিতাৰ হাত আগবঢ়াইছে ।

এই সমগ্ৰ প্রক্রিয়াত ভাৰতীয় অর্থনীতি শক্তিশালী হ’ব বুলি আশা প্রকাশ কৰে বিত্তমন্ত্রী নির্মলা সীতাৰামনে । ভৱিষ্যতে আৰু বহু দেশে ৰুপে আৰু ইউপিআই গ্রহণ কৰিব বুলিও আশা ব্যক্ত কৰে তেওঁ ।

Exit mobile version