Vande Bharat Express : দিল্লীৰ পৰা হিমাচললৈ চলাচল কৰিব দেশৰ চতুর্থ বন্দে ভাৰত এক্সপ্রেছ, বৃহস্পতিবাৰে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

WhatsApp Image 2022 10 12 at 16.17.51

Vande Bharat Express : দেশৰ চতুর্থ বন্দে ভাৰত এক্সপ্রেছৰ উদ্বোধন হ’ব । বৃহস্পতিবাৰে হিমাচল প্রদেশৰ উনা জিলাত বন্দে ভাৰতৰ নতুন যাত্রাৰ আনুষ্ঠানিক সূচনা হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দ্বাৰা । এই ৰে’লখন দিল্লীৰ পৰা হিমাচল প্রদেশ পর্যন্ত যাতায়াত কৰিব । ৰে’ল বিভাগৰ তৰফৰ পৰা জানিব পৰা গৈছে, দেশৰ চতুর্থ বন্দে ভাৰত এক্সপ্রেছ নতুন দিল্লীৰ পৰা হিমাচল প্রদেশৰ অম্ব অন্দৌৰা ষ্টেছন পর্যন্ত চলিব । যাত্রাপথত ৰে’লখন পঞ্জাৱৰ অম্বালা, চণ্ডীগড়, আনন্দপুৰ ছাহিব আৰু হিমাচলৰ উনা ষ্টেছনত ৰখিব ।

ৰে’লৰ এগৰাকী বিষয়াই এই প্রসংগত কয়, “অৰ্ধ উচ্চ গতিৰ এই ৰে’লখন বুধবাৰৰ বাহিৰে সকলো দিনতেই চলাচল কৰিব ।” লগতে তেওঁ কয়, “ৰে’লখনে কেতিয়াৰ পৰা নিয়মিত সেৱা দিয়া আগবঢ়াব, সেয়া স্থিৰ হোৱা নাই ।”

প্ৰাপ্ত তথ্য অনুসৰি, ৰে’লখন প্রতিদিনে পুৱা পাঁচ বাজি ৫০ মিনিটত নতুন দিল্লীৰ পৰা এৰি পুৱা ১১ বাজি পাঁচ মিনিটত অম্ব অন্দৌৰা ষ্টেছনত উপস্থিত হ’ব । আকৌ অম্ব অন্দৌৰা ষ্টেছনৰ পৰা বিয়লি এক বজাত এৰি নতুন দিল্লী পাব সন্ধিয়া ছয় বাজি ২৫ মিনিটত । সম্প্ৰতি ৰে’লখনত ১৬টা ডবা থাকিব । গোটেই যাত্রাপথত ৰে’লখনে চাৰিখন ৰাজ্য আৰু এটা কেন্দ্রশাসিত অঞ্চল অতিক্ৰম কৰিব ।

ইয়াৰ পূৰ্বে দেশত দিল্লীৰ পৰা বাৰাণসী পর্যন্ত আৰু দিল্লীৰ পৰা কাটৰা পর্যন্ত বন্দে ভাৰত এক্সপ্রেছৰ সেৱা আৰম্ভ হৈছিল । যোৱা ৩০ ছেপ্টেম্বৰত গান্ধীনগৰত দেশৰ তৃতীয় বন্দে ভাৰত এক্সপ্রেছৰ আনুষ্ঠানিক সূচনা কৰে প্রধানমন্ত্রী মোদীয়ে । এইবাৰ তেওঁ দেশত চতুর্থ বন্দে ভাৰত এক্সপ্রেছৰ আনুষ্ঠানিক সূচনা কৰিব ।

Exit mobile version