CAN I TELL YOUR CHILD’S SLEEP : আপোনাৰ শিশুটিৰ টোপনি কম নেকি ? যদি কম , তেনেহ’লে কি কৰিব ?

বিশেষজ্ঞই দিছে উপায় , জানিবলৈ পঢ়ক -

WhatsApp Image 2022 10 13 at 17.39.06 1

CAN I TELL YOUR CHILD’S SLEEP : যদি আপোনাৰ শিশুটিৰ টোপনি কম বা নিয়ম অনুসৰি টোপনি নাহে , তেন্তে পিতৃ-মাতৃৰ যথেষ্ট অসুবিধা হোৱা দেখা যায় । ঘণ্টা ঘণ্টা ধৰি কোলাত লৈ টোপনি অহাৰ চেষ্টা কৰা পিতৃ-মাতৃ সকলৰ বাবে এতিয়া এক সু-খবৰ কঢ়িয়াই আনিছে জাপান আৰু ইটালীৰ এদল গৱেষকে ।

গৱেষক সকলে কৈছে যে , প্ৰথমতে শিশুটিক কোলাত লৈ পাঁচ মিনিট সময় লোৱাৰ পিছত আৰু আঠ মিনিট সময় কোলাত শিশুটি লৈ বহি থাকিব লাগিব । গৱেষকৰ দাবী যে , এইধৰণে শিশুটি কোলাত লৈ থাকিলে দ্ৰুত গতিত শিশুটিৰ টোপনি আহে ।

গৱেষকসকলে এই গৱেষণাত শিশুৰ বাবে বিশেষভাৱে নিৰ্মিত এক ধৰণৰ ‘ইলেক্ট্ৰোকাৰ্ডিয়’গ্ৰাফ ‘ বা ‘ইচিজি’ যন্ত্ৰ ব্যৱহাৰ কৰিছিল। সেই যন্ত্ৰৰ সহায়ত কান্দি থকা আৰু টোপনিৰ সময়ত শিশুটিৰ হৃদস্পন্দনৰ হাৰ পৰিমাপ কৰি শিশুটিৰ আচৰণ দেখা যায় ।

এই গৱেষণাত ৩২ বাৰ মুঠ ২১ টা শিশুৰ আচৰণ পৰ্যবেক্ষণ কৰে বিজ্ঞানীৰ দলটোৱে । গৱেষণাৰ ফলাফল চাই গৱেষকসকলে দাবী কৰে যে , এনেদৰে শুলে শিশুটিয়ে দোলনাত শুই থকাৰ ভাৱ আহে আৰু দোলি দিলেই সোনকালে শিশুটি টোপনি যায় । গৱেষকসকলে আৰু দাবী কৰিছে যে, এই পদ্ধতিত শিশুটি টোপনি যোৱাৰ লগতে কান্দি থকা শিশুটি দ্ৰুত গতিত শান্তও হৈ পৰে ।

Exit mobile version