INDIAN ARMY’S ‘JUM’KILLED AFTER BEING HIT BY TERRORIST SHELLING : সন্ত্ৰাসবাদীৰ গুলীত আঘাতপ্ৰাপ্ত হোৱা ভাৰতীয় সেনাৰ পৰাক্ৰমী কুকুৰ ‘জুম ‘ৰ মৃত্যু

WhatsApp Image 2022 10 13 at 20.43.02

INDIAN ARMY’S ‘JUM’KILLED AFTER BEING HIT BY TERRORIST SHELLING : অৱশেষত সন্ত্ৰাসবাদীৰ গুলীত গুলীবিদ্ধ হোৱা ভাৰতীয় সেনাৰ পৰাক্ৰমী কুকুৰ ‘জুম’ –এ শেষ নিশ্বাস ত্যাগ কৰিলে । বৃহস্পতিবাৰে শ্ৰীনগৰৰ এখন সামৰিক চিকিৎসালয়ত ‘জুম ‘ৰ মৃত্যু হয় । কোকেৰনাগত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা সেনাৰ এক অভিযানত ‘জুম’ শৰীৰত তিনিটাকৈ গুলী লাগিছিল । মুখত দুটা আৰু ভৰিত গুলী লগা ‘জুম’ক সামৰিক বাহিনীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও আজি দুপৰীয়া ১২ বজাত ‘জুম’ –এ শেষ নিশ্বাস ত্যাগ কৰে ।

সেনা বাহিনীৰ পৰা লাভ কৰা তথ্য অনুসৰি , ৬ অক্টোবৰত দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগ অঞ্চলত ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ এটা ঘাটিৰ ওপৰত এনকাউণ্টাৰ অভিযান আৰম্ভ কৰে । সেনাই ‘জুম’ক সন্ত্ৰাসবাদী লুকাই থকা ঘৰটোৰ পৰ্যবেক্ষণ কৰাৰ দায়িত্ব দিছিল , সেই দায়িত্ব পালন কৰি থকা অৱস্থাত সন্ত্ৰাসবাদীয়ে ‘জুম ‘ৰ ওপৰত ধাৰাষাৰ গুলীবৰ্ষণ কৰে । ফলত ‘জুম’ৰ মুখ আৰু ভৰিত মুঠ তিনিটাকৈ গুলী লাগে ।

মাত্ৰ দুবছৰত ভৰি দিয়া ‘জুম’ ২০২০ চনৰ ছেপ্টেম্বৰ মাহত জন্মগ্ৰহণ কৰিছিল আৰু ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতীয় সেনাবাহিনীৰ ২৮ টা কুকুৰ ইউনিটত যোগদান কৰিছিল । উল্লেখ্য যে, বিগত আঠ মাহত ভাৰতীয় সেনা বাহিনীৰ হৈ ‘জুম’-এ বহু অভিযানত অংশ লৈছিল ।

Exit mobile version