PAKISTAN BUS FIRE : ৰাজপথত চলন্ত বাছত অগ্নিকাণ্ড ,জীৱন্তে অগ্নিদগ্ধ হৈ ১৭ জনৰ মৃত্যু আহত ২০,মৃতকৰ ভিতৰ ৮ শিশু

WhatsApp Image 2022 10 13 at 14.30.59

 PAKISTAN BUS FIRE : চুবুৰীয়া দেশ পাকিস্তানত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ পথেদি গৈ থকা এখন বাছত হঠাতে জুই লাগি জীৱন্তে অগ্নিদগ্ধ হয় ১৭ গৰাকীকৈ যাত্ৰী ৷ এই ঘটনাই সমগ্ৰ দেশতে শোকৰ ছাঁ পেলায় ৷

দেশখনৰ বন্দৰ নগৰী কৰাচীৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত্বত অৱস্থিত নুৰিয়াবাদৰ পৰা নাথান শ্বাহ অঞ্চললৈ যাত্ৰী কঢ়িয়াই অনা এখন যাত্ৰীবাহী বাছত অকস্মাৎ সংঘটিত হয় অগ্নিকাণ্ড৷ পলকতে জুই শিখাই আগুৰি ধৰে বাছখন ৷ ফলত সোত্তৰজনকৈ যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয় ৷ এই শোকাৱহ ঘটনাত ২০ জনকৈ যাত্ৰী গুৰুত্বৰভাৱে আহত হয় ৷ মৃতকৰ ভিতৰত আছিল ৮ টি শিশু ৷

উল্লেখ্য যে বানে বিধস্ত কৰা কৰাচীৰ বিভিন্ন আশ্ৰয় শিৱিৰৰ পৰা অহা ৫০ গৰাকী বানাক্ৰান্ত লোকে অভিশপ্ত বাছখনত উঠি নিজ গৃহ অভিমুখে গৈ আছিল ৷ ইতিমধ্যে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰু কৰাছী আৰক্ষী উপস্থিত হৈ আহত সকলক চিকিৎসাৰ ব্যৱস্থা কৰিছে  ৷ আৰক্ষীয়ে সংবাদ মাধ্যমক জানিব দিয়া মতে ভয়ংকৰ ঘটনাটোৰ সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷ আনহাতে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে আৰক্ষীয়ে ৷

Exit mobile version