spicejet : হায়দাৰাবাদ বিমানবন্দৰত জৰুৰী অৱতৰণ স্পাইছজেটৰ বিমানৰ

WhatsApp Image 2022 10 13 at 15.49.26

spicejet : অৱতৰণৰ কিছু সময় আগতেই হঠাৎ বিমানত যান্ত্রিক ত্রুটিৰ উমান পায় পাইলটে । ফায়াৰ এলার্ম বাজি উঠে । কেবিন আৰু ককপিট ভৰি উঠে ধোঁৱাত । যাত্রীসকল আতংকিত হৈ পৰে । ইয়াৰ পাছতেই দ্রুত পাইলটে এয়াৰ ট্রেফিক কন্ট্র’ল (এটিচি)-ৰ স’তে যোগাযোগ কৰে । কোনো ধৰণৰ সমস্যা নোহোৱাকৈ বিমানখনক আপৎকালীন অৱতৰণ কৰা হয় তেলেংগানাৰ হায়দাৰাবাদ বিমানবন্দৰত ।

বিমান চলাচল নিয়ামক সংস্থা ‘ডিৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েছন’ (ডিজিচিএ) সূত্রে খবৰ, বুধবাৰে নিশা ১১ বজাত গোৱাৰ পৰা হায়দাৰাবাদগামী স্পাইছজেটৰ বিমানত ওই ঘটনা সংঘটিত হয় । প্রসংগত, বিগত বছৰত কলকাতা বিমানবন্দৰৰ পৰা বাগডোগৰাগামী স্পাইছজেটৰ এআন বিমানত একেই ধোঁৱা ওলোৱাৰ ঘটনা ঘটিছিল । কিছু মাহ পূৰ্বে জবলপুৰতো একেই ঘটনা ঘটে ।

হায়দাৰাবাদ বিমানবন্দৰৰ এজন বিষয়াই জনাইছে, ঘটনাৰ সময়ত কানাডাৰ ডি হেভিলেণ্ড সংস্থাৰ দ্বাৰা নির্মিত এই কিউ-৪০০ টার্ব’-ইঞ্জিন বিমানত মুঠ ৮৬ জন যাত্রী আছিল । তেওঁলোক সকলোৱে সুৰক্ষিত । ঘটনাৰ ফলত ন খন বিমানৰ যাত্রপথ সলনি কৰা হয় । ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ হৈছে ।

স্পাইছজেটৰ এই বিমানত থকা এজন যাত্রীয়ে ধোঁৱাৰে আৱৰা কেবিন হায়দাৰাবাদ বিমানবন্দৰত জৰুৰী অৱতৰণৰ ভিডিঅ’ টুইট কৰিছে । তেওঁ লিখিছে, ‘গোৱাৰ পৰা হায়দাৰাবাদলৈ উভতিছিলো । যাত্রাবিৰতিৰ পাছত নাগপুৰৰ পৰা বিমানখন আকাশত উৰাৰ পাছতে ভিতৰভাগ ধোঁৱাৰে ভৰি যায় ।’

Exit mobile version