Vande Bharat : হিমাচল প্ৰদেশত চতুৰ্থ বন্দে ভাৰত এক্সপ্ৰেছ উন্মোচন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

WhatsApp Image 2022 10 13 at 15.10.42

Vande Bharat : বছৰৰ শেষত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব হিমাচল প্রদেশত । ইয়াৰ পূৰ্বে ভাৰতৰ উত্তৰৰ এই ৰাজ্যত বন্দে ভাৰত ছিৰিজৰ চতুর্থ ৰে’লখনৰ উদ্বোধন কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । বৃহস্পতিবাৰে হিমাচল প্রদেশৰ উনা ৰে’লষ্টেছনৰ পৰা যাত্রা আৰম্ভ কৰিলে দেশৰ চতুর্থ বন্দে ভাৰত এক্সপ্রেছে । ৰে’লখন হিমাচলৰ অম্বা অন্দৌৰা ষ্টেছনৰ পৰা নতুন দিল্লী পর্যন্ত যাতায়াত কৰিব । অৱশ্যে নতুন ৰে’ল আৰম্ভ হ’লেও তাৰ সেৱা আৰু নিৰাপত্তাক লৈও ইতিমধ্যে শংকা আৰম্ভ হৈছে । কাৰণ বিগত কিছু সপ্তাহত এটাৰ পাছত এটা বিভ্রাটৰ সন্মুখীন হৈছে বন্দে ভাৰত এক্সপ্রেছে ।

কেতিয়াবা ম’হৰ জাক বা গৰুক খুন্দিয়াই ভাঙি গৈছে ৰে’লৰ সন্মুখৰ অংশ, নতেউবা কেতিয়াবা চকা আবদ্ধ হৈ গৈছে । যুক্তিবিদসকলৰ মতে, এই ৰে’লৰ গতি ইমানেই বেছি যে, এই ধৰণৰ ঘটনা স্বাভাৱিক । বৃহস্পতিবাৰে নতুন বন্দে ভাৰত আৰম্ভ কৰাৰ পাছত অৱশ্যে ৰে’ল বিভাগে জনাইছে, নতুন বন্দে ভাৰতে ঘণ্টাত এশ কিলোমিটাৰ গতিবেগ স্পৰ্শ কৰিব ৫২ ছেকেণ্ডৰ ভিতৰতে । এই ৰে’ল আগৰ ৰে’লবোৰতকৈঔ উন্নত আৰু অধিক পাতল । সেয়ে আগৰ বন্দে ভাৰত ৰে’লবোৰতকৈও কম সময়ত সর্বোচ্চ গতিবেগৰ মাত্রা স্পৰ্শ কৰিব ।

বৃহস্পতিবাৰে পুৱা ন বাজি ১৫ মিনিটত হিমাচলপ্রদেশৰ উনা হিমাচল ৰে’লৱে ষ্টেছনত ৰে’লখন উদ্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে । ৰে’ল বিভাগে জনায়, বন্দে ভাৰত সেৱাই হিমাচলৰ পর্যটন ব্যৱস্থা অধিক আগবঢ়োৱাত সহায় কৰিব । কাৰণ বন্দে ভাৰতত সহজে আৰু দ্রুত গন্তব্য স্থানত যাব পাৰিব । প্রতিদিনে পুৱা পাঁচ বাজি ৫০ মিনিটত নতুন দিল্লীৰ পৰা এৰি ১১ বাজি পাঁচ মিনিটত অম্ব অন্দৌৰা ষ্টেছনত উপস্থিত হ’ব ট্রেইনখন ।

আকৌ অম্ব অন্দৌৰা ষ্টেছনৰ পৰা বিয়লি এক বজাত এৰি সন্ধিয়া ছয় বাজি ২৫ মিনিটত নতুন দিল্লীত উপস্থিত হ’ব । সম্প্ৰতি বুধবাৰৰ বাহিৰে সপ্তাহৰ বাকী ছয় দিনেই চলিব ট্রেইনখন । যাত্রাপথত ৰে’লখন চাৰিখন ৰাজ্য আৰু এটা কেন্দ্রশাসিত অঞ্চল হৈ যাবে । পঞ্জাৱৰ অম্বালা, চণ্ডীগড়, আনন্দপুৰ ছাহিব আৰু হিমাচলৰ উনা ষ্টেছনত ৰ’ব ।

সম্প্ৰতি ১৬টা ডবা থাকিব এই বন্দে ভাৰতত । অৱশ্যে নিয়মিত সেৱা কেতিয়াৰ পৰা আৰাম্ভ হ’ব সেই বিষয়ে এতিয়াও স্পষ্টকৈ জনোৱা নাই ৰে’ল বিভাগে । ইয়াৰ পূৰ্বে দেশত তিনিখন বন্দে ভাৰত এক্সপ্রেছৰ সেৱা আৰম্ভ হৈছে । দিল্লীৰ পৰা বাৰাণসী, দিল্লীৰ পৰা কাটৰা ৰুটৰ পাছত যোৱা ৩০ ছেপ্টেম্বৰত আহমেদাবাদৰ পৰা মুম্বাই ৰুটত দেশৰ তৃতীয় বন্দে ভাৰত এক্সপ্রেছৰ আনুষ্ঠানিক সূচনা কৰে প্রধানমন্ত্রী মোদীয়ে ।

এইবাৰ দেশত চতুর্থ বন্দে ভাৰত এক্সপ্রেছৰ আনুষ্ঠানিক সূচনা হ’ল হিমাচলত । অৱশ্যে ৰাজ্যত নিৰ্বাচনৰ পূৰ্বে এই সেৱা আৰম্ভ হোৱাত অনেকেই প্রশ্ন উত্থাপন কৰিছে, এই পদক্ষেপ মোদীৰ ভোট কৌশল নহয়তো !

Exit mobile version