CM HIMANTA BISWA SARMA’S SECURITY UPGRADED TO Z+ CETEGORY :মুখ্যমন্ত্ৰীৰ নিৰাপত্তা ক্ষেত্ৰত কঠোৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়

জেড+ শ্ৰেণীলৈ উন্নীত নিৰাপত্তা

WhatsApp Image 2022 10 14 at 12.03.33

CM HIMANTA BISWA SARMA’S SECURITY UPGRADED TO Z+ CETEGORY : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাৰ ক্ষেত্ৰত কঠোৰ হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় ৷ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ মুখ্যমন্ত্ৰী গৰাকীৰ নিৰাপত্তাৰ পৰ্যালোচনা কৰাৰ পিছত নিৰাপত্তা ব্যৱস্থা জেড প্লাছৰ শীৰ্ষ শ্ৰেণীলৈ উন্নীত কৰিছে বুলি শুক্ৰবাৰে দিল্লীত প্ৰকাশ কৰে গৃহ মন্ত্ৰণালয়ৰ মুখপাত্ৰই ৷

উল্লেখ্য যে ৫৩ বছৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ-পূবৰ ৰাজ্যসমূহত তেওঁৰ ভ্ৰমণৰ বাবে কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) ভিআইপি নিৰাপত্তা গোটৰ দ্বাৰা প্ৰদান কৰা জেড শ্ৰেণীৰ ব্যৱস্থা উপভোগ কৰি আহিছিল ।

শেহতীয়াভাৱে নিৰাপত্তা পৰ্যালোচনাৰ পিছত চিআৰপিএফক গৃহ মন্ত্ৰণালয়ে মুখ্যমন্ত্ৰী শৰ্মাৰ নিৰাপত্তাক সৰ্বভাৰতীয় ভিত্তিত জেড-প্লাছৰ শীৰ্ষ শ্ৰেণীলৈ উন্নীত কৰিবলৈ নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীক পূৰ্বৰ Z কেটেগৰীৰ নিৰাপত্তাৰ সলনি এতিয়াৰে পৰা প্ৰদান কৰা হ’ব Z+ চিকিউৰিটী ব্যৱস্থা ৷

ইতিমধ্যে জেড প্লাচৰ অতিৰিক্ত বাহিনী উপস্থিত হৈছে গুৱাহাটীত ৷

Exit mobile version