DEORI AUTONOMOUS COUNCIL ELECTION  IN DHEMAJI : ৮ নৱেম্বৰত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন# প্ৰস্তুতি ধেমাজি প্ৰশাসন

৪ সমষ্টিৰ ৮০৯৩ ভোটাৰে সাব্যস্ত কৰিব ভোটদান

WhatsApp Image 2022 10 14 at 18.48.45

DEORI AUTONOMOUS COUNCIL ELECTION  IN DHEMAJI : অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰী সকলৰ সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰে প্ৰদান কৰা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ৮ অক্টোবৰত অনুষ্ঠিত কৰাৰ কথা । সম্প্ৰতি অসম চৰকাৰে উপগ্ৰহীয় নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে ৰাজ্যৰ লগতে ধেমাজি জিলা প্ৰশাসনতো ব্যাপক তৎপৰতা আৰম্ভ কৰিছে । এই উপলক্ষে নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়া অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱাই এই কথা সদৰি কৰি কয় যে, অহা ৮ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া এই নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব ১০ নৱেম্বৰত।

নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ১৯ অক্টোবৰ। ২৫ অক্টোবৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। সেই দিনাই প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ পাব। তেওঁ নিৰ্বাচন সংক্ৰান্তীয় যিকোনো তথ্য জনাৰ বাবে ৰাজনৈতিক দল বা প্ৰাৰ্থী সকলে তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে এই নিৰ্বাচনত ধেমাজি মহকুমাৰ চাৰিটা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

সমষ্টি কেইখন হৈছে গোগামুখ, চিচিবৰগাওঁ, শ্ৰীপানী আৰু বৰদলনি সমষ্টি । এই সমষ্টি কেইটাৰ মুঠ ৮০৯৩ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। এইক্ষেত্ৰত এক সভাৰ জৰিয়তে নিৰ্বাচন বিভাগৰ অতিৰিক্ত উপায়ুক্ত মিৰ্জানা হুছেইনে আগ্ৰহী প্ৰাৰ্থী সকলৰ প্ৰয়োজনীয় কৰ্তব্য সম্পৰ্কে আলোচনা কৰে। সভাত নিৰ্বাচন বিষয়া ৰুবী ৰয়, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জিলা মীণ উন্নয়ন বিষয়া লক্ষ্মীনাথ লাগাচু আৰু সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে উপস্থিত থাকে।

Exit mobile version