DO YOU SUFFER FRROM FATAL CHOLESTEROL PROBLEMS: আপুনি মাৰাত্মক কলেষ্টৰেলৰ সমস্যাত ভুগিছে নেকি ?

গ্ৰহণ কৰক এই পাঁচ বিধ খাদ্য

WhatsApp Image 2022 10 14 at 15.01.02

DO YOU SUFFER FROM FATAL CHOLESTEROL PROBLEMS : কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি পালে আমাৰ শৰীৰত কিমান ক্ষতি হ’ব পাৰে ,সেইকথা বহুতেই হয়তো নাজানে । এই অতিৰিক্ত কলেষ্টৰেলে হাৰ্টৰ ক্ষতি কৰি আপোনাৰ বাবে প্ৰাণঘাতীও হ’ব পাৰে । কিন্তু কিছু সহজ উপায় অৱলম্বন কৰি আমি অতিৰিক্ত কলেষ্টৰেলৰ পৰা বাচিব পাৰো ।
এইক্ষেত্ৰত কলেষ্টৰলৰ মাত্ৰা সঠিক ৰাখিবলৈ আমি খাদ্য অভ্যাসৰ ওপৰত ধ্যান দিয়াটো উচিত । এতিয়া কথা হ’ল আপুনি কলেষ্টৰেলৰ মাত্ৰা ঠিক কৰি ৰাখিবলৈ কি কি খাদ্য গ্ৰহণ কৰিব লাগিব |

১/ ভেন্দি : অসমতে প্ৰতিটো সময়তে বজাৰত ভেন্দি উপলব্ধ হোৱা দেখা যায় । এই ভেন্দি দৈনিক খালে আমাৰ শৰীৰৰ বহু সমস্যাৰ পৰা মুক্তি পোৱাৰ লগতে কলেষ্টৰলৰ দৰে গুৰু সমস্যাৰ পৰাও মুক্তি লাভ কৰিব পৰা যায় । কাৰণ ভেন্দিত থকা বিশেষ উপাদানে আমাৰ তেজত কলেষ্টৰেল জমা হোৱাত বাধা দিয়ে ।

 

২/ আপেল : কোনো ৰোগ হ’লেহে ফল খোৱাৰ মানসিকতা ত্যাগ কৰি দৈনিক আপুনি আপেল খোৱাৰ অভ্যাস কৰক । আপেলে অতিৰিক্ত কলেষ্টৰেল হ্ৰাস কৰাত প্ৰচুৰ সহায় কৰে । এক সমীক্ষাত প্ৰকাশ পাইছে যে, যিকোনো ৰোগৰ কাৰণে আপেল অত্যন্ত উপকাৰী ফল আৰু ই মানুহৰ কলেষ্টৰেল নিয়ন্ত্ৰণ কৰাত সহায় কৰে ।

৩/ ওটচ ( oats ) : ওজন কমাবলৈ বহুতে নিজৰ খাদ্যত ওটচ ৰখা দেখা যায় । কিন্তু আমি হয়তো নাজানো যে , ওটচে ওজন হ্ৰাস নকৰে , বৰং ই আমাৰ কলেষ্টৰেল মাত্ৰা সঠিক কৰি ৰাখে । সেইবাবেই আমি দৈনিক আমাৰ খাদ্যৰ তালিকাত ওটচ ৰখাটো প্ৰয়োজন ।

৪/ কাজু বাদাম : কলেষ্টৰেল মাত্ৰা সঠিক ৰখাত আমি দৈনিক ৰাতিপুৱা কাজু বাদাম খাব লাগে । কাজু বাদামেও আমাৰ তেজত কলেষ্টৰেল জমা হোৱাত বাধা দিয়ে ।

৫/ আখৰোট : হাজাৰ ঔষধ সেৱন কৰিও আপুনি যদি কলেষ্টৰেল হ্ৰাস কৰিব পৰা নাই , তেন্তে আপুনি আজিৰ পৰাই আখৰোট খাবলৈ আৰম্ভ কৰক । আপুনি নিশ্চিতভাৱে কলেষ্টৰেলৰ পৰা মুক্তি পাব ।
বি: দ্ৰ : ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত পাচলি- ফলে সহায় কৰে যদিও কোনো ৰোগত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাতো নিতান্তই আৱশ্যক ।

Exit mobile version