EIGHT NATIONAL TONG- IL- MOO-DO MARTIAL ARTS COMPETITION : অষ্টম ৰাষ্ট্ৰীয় টং-ইল -মু -ডো মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতা সামৰণি

১১ টা সোণৰ পদক, ১৭ টাৰূপৰ পদক , ২৮ তা ব্ৰঞ্জৰ পদক লাভেৰে অসম দ্বিতীয় স্থানত

EIGHT NATIONAL TONG- IL- MOO-DO MARTIAL ARTS COMPETITION : মহাৰাষ্ট্ৰ টং ইল মু ডো সন্থাৰ উদ্যোগত তথা ভাৰতীয় টং ইল মুডো সন্থাৰ অধীনত মহাৰাষ্ট্ৰৰ নাচিক চহৰত অষ্টম ৰাষ্ট্ৰীয় -চাব জুনিয়ৰ/ জুনিয়ৰ / চিনিয়ৰ আৰু কেডেট শাখাত এখন খেল অনুষ্ঠিত হয় । মুডো মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতাৰ আন্তৰাষ্ট্ৰীয় অলিম্পিক সন্থা আৰু ভাৰতীয় স্কুল ক্ৰীড়া সন্থাৰ অধীনত স্বীকৃতি প্ৰাপ্ত খেলখন যোৱা ৮,৯ আৰু ১০ অক্টোবৰত খেলখন অনুষ্ঠিত হয়।উক্ত খেল খনত অসম টং ইল মুডো সন্থাৰ ১২৬ জনীয়া লৰা ছোৱালী প্ৰতিযোগিয়ে অংশ গ্ৰহণ কৰে।

অসমৰ পৰা যোৱা এই লৰা ছোৱালী দলটোক আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈ তথা টং-ইল -মু -ডো সন্থাৰ উত্তৰ পূৱৰ সঞ্চালক,তথা ভাৰতী টং -ইল- মু -ডো সন্থাৰ যুটীয়া সম্পাদক ধৰ্মেশ্বৰ হালৈৰ লগতে অসম দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নেতৃত্ব দিয়ে বৰপেটা জিলাৰ অভি দেউৰী আৰু কামৰূপ জিলাৰ জয়ন্ত ঠাকুৰীয়াই ।প্ৰতিযোগিতাৰ টং ইল মু মুডো মাৰ্চিয়েল আৰ্টছ খেলত অসম দলে অংশ গ্ৰহণ কৰি ১১ টা সোণৰ পদক, ১৭ টাৰূপৰ পদক , ২৮ তা ব্ৰঞ্জৰ পদক লাভেৰে দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় । প্ৰতিযোগিতাত অসমৰ পৰা যোৱা ১২ জন প্ৰশিক্ষকে ৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰে।

Exit mobile version