HEAVY RAINS TRIGGER LANDSLIDES IN NORTH SIKIM : উত্তৰ ছিকিমত ভয়াৱহ ভূমিস্খলন

আৱদ্ধ পাঁচ শতাধিক দেশী-বিদেশী পৰ্যটক, খাদ্য সংকটত পৰা পৰ্যটকক সেনাৰ খাদ্য যোগান

WhatsApp Image 2022 10 14 at 17.05.16

HEAVY RAINS TRIGGER LANDSLIDES IN NORTH SIKIM : পাৰ্বত্য ৰাজ্য ছিকিমত সংঘটিত হৈছে ভয়াৱহ ভূমিস্খলন ৷প্ৰকৃতিৰ ৰম্যভূমি চিকিমৰ মনোৰম সৌন্দৰ্য উপভোগ কৰিবলৈ ইতিমধ্যে দেশী-বিদেশী পৰ্যটক উপস্থিত হৈছিল পাহাৰীয়া ৰাজ্যখনত ৷ কিন্ত হাড় কপোৱা ঠাণ্ডাৰ মাজতে যোৱা দুদিনমানৰ পৰা অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ মাজতে আজি উত্তৰ চিকিমৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ গৈ পাহাৰীয়া পথত আবদ্ধ হৈ পৰে পাঁচশৰো অধিক পৰ্যটক ৷

গেংটক- উত্তৰ চিকিম সংযোগী ১০ নং ৰাষ্ট্ৰীয় ঘাই পথত যোৱা নিশা আৰু আজি পুৱাতে হোৱা ভয়াৱহ ভূমিস্খলনত ৰাজপথত শ শ যানবাহন আবদ্ধ হৈ পৰে ৷ ঠাণ্ডা আৰু বৰষুণৰ মাজত আবদ্ধ হৈ খাদ্য সংকটত ভোগা পৰ্যটকৰ কাষত ইতিমধ্যে উদ্ধাৰৰ বাবে উপস্থিত হয় সেনা জোৱান । সেনা জোৱানে ৰাজপথ মুকলি কৰাৰ বাবে যুদ্ধকালীন তৎপৰতা অব্যাহত ৰখাৰ লগতে আঘাতপ্ৰাপ্ত লোকসকলক সেনাৰ চিকিৎসক- চিকিৎসাকৰ্মীয়ে চিকিৎসা সেৱা আগবঢ়াইছে ৷ একেদৰে যোগান ধৰিছে খাদ্য ৷

উল্লেখ্য যে সেনাৰ বৰ্ডাৰ ৰোড ডিভিজনে উত্তৰ চিকিমত ভূমিস্খলনৰ আশংকা কৰি আগতিয়াকৈ চিকিম পৰ্যটন বিভাগক সৰ্তক কৰি দিছিল ৷ শেহতীয়া প্ৰাপ্ত তথ্য মতে,সেনাই পৰ্যটক সকলক নিৰাপদে স্থানান্তৰ কৰিবৰ বাবে প্ৰয়োজন হ’লে হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ কথা সদৰি কৰিছে ৷

Exit mobile version