SUSPENDED EMPLOYEE WITH BRIBE: ঘোচ লৈ নিলম্বিত হ’ল গহপুৰৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কৰ্মচাৰী

WhatsApp Image 2022 10 14 at 11.45.06

SUSPENDED EMPLOYEE WITH BRIBE: উৎকোচ লৈ ইতিমধ্যে ইজনৰ পিছত সিজনকৈ চৰকাৰী বিষয়া – কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰাৰ পিছতো খক কমা নাই একাংশ দুৰ্নীতি পৰায়ণ বিষয়া- কৰ্মচাৰীৰ ৷ এইবাৰ পুনৰ উৎকোচ লোৱাৰ অপৰাধত চাকৰিৰ পৰা নিলম্বন হ’ল এজন চৰকাৰী কৰ্মচাৰী ৷

বিশ্বনাথ জিলাৰ ছয়দুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উচ্চ বৰ্গৰ সহায়ক জগত বসুমতাৰীক সমাজ কল্যাণ বিভাগৰ মহিলা আৰু শিশু কল্যাণ সঞ্চালকালয়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে ৷ এই সন্দৰ্ভত গহপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ চিডি পি অ মন্দিৰা ভূঞাই সংবাদ মাধ্যমক প্ৰকাশ কৰে গহপুৰৰ ডিপৰা অঞ্চলৰ কৰবী দাস নামৰ এগৰাকী অংগনৱাড়ী কৰ্মীক সহায়িকাৰ পৰা কৰ্মীলৈ পদোন্নতি কৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল ৷ পৰৱৰ্তী সময়ত সহায়িকা গৰাকীয়ে সমস্ত বিষয়টো মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাত অভিযোগ দিয়ে ৷

আনহাতে তাৎক্ষণিক বিভাগীয় তদন্তৰ অন্তত উচ্চ বৰ্গৰ সহায়ক তথা গাণনিক জগত বসুমতাৰীক সমাজ কল্যাণ বিভাগৰ অধীনস্থ মহিলা আৰু শিশু কল্যাণ সঞ্চালকালয়ে তাৎকালেই বলৱৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰে ৷

Exit mobile version