HEROIN SEIZED FROM CHAMPHAI IN MIZORAM : মিজো আৰক্ষীৰ অভিযানত জব্দ ৩৫ কোটিৰ হেৰ’ইন

WhatsApp Image 2022 10 15 at 21.09.24

HEROIN SEIZED FROM CHAMPHAI IN MIZORAM : মিজোৰামৰ চম্ফাই আৰক্ষীৰ এটা অভিযানকাৰী দলে গোপন খবৰৰ ভিত্তিত এখন বাহনত তালাচি চলাই বৃহৎ পৰিমাণৰ হিৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷

আজি পুৱাতে আৰক্ষী অভিযানকাৰী দল এটাই টুইপুই নদীৰ সমীপৱৰ্তী নিউ চম্ফাইত অৰ্তকিতে এখন চাৰিচকীয়া বাহনত তালাচী চলাই বাহন খনৰ পৰা চাবোনৰ কেচত অনা ৬.৮৩৬ কিলোগ্ৰাম ওজনৰ ৫০০ পেকেট হেৰ’ইন জব্দ কৰে। জব্দকৃত হিৰ’ইন খিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰত মূল্য ৩৪.১৮ কোটি টকা বুলি নিশ্চিত কৰে আৰক্ষীয়ে ৷
আৰক্ষীয়ে ড্ৰাগছ পেডলাৰ ভেংছাঙৰ লালামপুইয়া (৪৫) নামৰ সৰবৰাহকাৰীটোক আটক কৰে ৷

কুখ্যাত ড্ৰাগছ পেডলাৰজনক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত স্থানীয় কেইবাটাও সন্হা আৰু স্থানীয় ৰাইজে সহায় কৰাৰ প্ৰসংগত মিজোৰাম আৰক্ষীয়ে টুইট কৰি কয়, ‘ড্ৰাগছ বিৰোধী মিজোৰাম’ৰ বাবে আমাৰ অভিযানত সকলো সংস্থাই একেলগে কাম কৰি থকাৰ সময়তে কঠোৰ সতৰ্কতা বজাই ৰাখিছে যদিও আমি অংশীদাৰ সংস্থা, বেচৰকাৰী সংস্থা, ব্যক্তিসকলকো উপযুক্ত চোৰাংচোৱাগিৰি প্ৰদান কৰাৰ বাবে অশেষ ধন্যবাদ জনাইছো ।” বুলি কৃতজ্ঞতা প্ৰকাশ কৰে মিজোৰাম আৰক্ষীয়ে।

Exit mobile version