PAKISTAN SHOCKED OVER 200 DEADBODIES FOUND ON HOSPITAL : পাকিস্তানৰ চিকিৎসালয়ৰ মৰ্গত উদ্ধাৰ ২০০ টা উৱলি যোৱা মৃতদেহ

WhatsApp Image 2022 10 15 at 19.41.21 2

PAKISTAN SHOCKED OVER 200 DEADBODIES FOUND ON HOSPITAL : পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত শুকুৰবাৰে ৰাজহুৱা চিকিৎসালয়ৰ মৰ্গত উদ্ধাৰ প্ৰায় ২০০ টা উৱলি যোৱা মৃতদেহ । বাতৰি অনুসৰি মুলতানৰ নিস্তাৰ চিকিৎসালয়ৰ শৱগৃহৰ কোঠাত মানুহৰ শৰীৰৰ অসংখ্য অংশও উদ্ধাৰ কৰা হয় ।

দেশখনৰ পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী পাৰভেজ ইলাহীয়ে এই ঘটনাৰ বিষয়ে জানিব পাৰি বিশেষ স্বাস্থ্যসেৱা সচিব মুজামিল বছিৰৰ নেতৃত্বত গঠন কৰি দিয়ে এখন ছয়জনীয়া কমিটি ৷ এই কমিটিখনে তিনিদিনৰ ভিতৰত অনুসন্ধান কৰি তদন্ত প্ৰতিবেদন দাখিল কৰিব মুখ্যমন্ত্ৰীক ৷

লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰী উপদেষ্টা চৌধুৰী জামান গুজ্জৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে আজি নিষ্টাৰ চিকিৎসালয় পৰিদৰ্শন কৰি মৰ্গত অসংখ্য “পৰিত্যক্ত” উৱলি যোৱা মৃতদেহ প্ৰত্যক্ষ কৰে৷ চিকিৎসালয় খনৰ এই অমানৱীয় কাৰ্য প্ৰত্যক্ষ কৰি ক্ষোভিত হৈ উঠে ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমক সদৰি কৰি কয়, “মই নিস্তাৰ চিকিৎসালয়লৈ গৈছিলো যেতিয়া এজন ব্যক্তি মোৰ ওচৰলৈ আহিছিল আৰু কৈছিল যে যদি আপুনি এটা ভাল কাম কৰিব বিচাৰে তেন্তে মৰ্গলৈ যাওক আৰু ইয়াক পৰীক্ষা কৰক,”। মই চিকিৎসালয়ত উপস্থিত হৈ শৱগৃহ চাব বিচাৰো কিন্ত সেইসময়ত তাত থকা কৰ্মচাৰীসকলে শৱগৃহ দুৱাৰ খুলিবলৈ প্ৰস্তুত নাছিল।

পিছত কঠোৰ স্থিতি গ্ৰহণ কৰাত কৰ্মচাৰী কেইজনে দুৱাৰখন খুলিলে ৷মই লগে লগে ভিতৰলৈ সোমাই গৈ দেখিলো কমেও দুশতাধিক মৃতদেহ পৰি থকা । উল্লেখ্য যে পঞ্জাৱ প্ৰদেশৰ চৰকাৰে চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ ইংগিত দিয়ে ৷

Exit mobile version