ROSE WATER : ছালৰ যত্ন ল’বলৈ গোলাপ জল ব্যৱহাৰ কৰক

চকুৰ তলৰ ফোলা ভাব কমাই এই প্ৰসাধনে

WhatsApp Image 2022 10 15 at 18.38.00

ROSE WATER : এতিয়া দেৱালীৰ সময় । পোহৰৰ উৎসৱ দেৱালীত আপুনি কেনেকৈ নিজৰ সৌন্দৰ্য চৰ্চা কৰিব ?
নিজক সুন্দৰ কৰি ৰখাটো এটা কলা । এই কলাই মানুহক জীৱন সঞ্জিৱনী প্ৰদান কৰে । নিজক সুন্দৰ কৰি ৰখাতো ইমান টান কাম নহয় । কিছু সময় নিজৰ বাবে খৰচ কৰি এটা সুন্দৰ জীৱন উপভোগ কৰিব পাৰে ।

সৌন্দৰ্য বুলি কলেই প্ৰথমতে আমাৰ ছালখনৰ কথা মনলৈ আহে । আপোনাৰ ছালখন উজ্জ্বল কৰি ৰাখিবলৈ হ’লে গোলাপজল ব্যৱহাৰ কৰক । ই আপোনাৰ ছালৰ আমূল পৰিৱৰ্তন আনিব । গোলাপজল ব্যৱহাৰ কৰি আপুনি কেনেকৈ নিজৰ ছালখন উজ্জ্বল কৰি ৰাখিব ?

ক্লিনজিং, টোনিং , ময়শ্চাৰাইজিং , ৰূপচৰ্চাৰ বাবে এই তিনিটা উপদানেই হৈছে মূল উপাদান । বিশেষকৈ ছালৰ পিএইচ ভাৰসাম্য ঠিক ৰাখিবলৈ গোলাপজলে সাংঘাটিক ধৰণে কাম কৰে । ই ছালৰ ৰন্ধ্ৰিত জমা হোৱা ধুলি-ময়লা আদি চাফা কৰাত সহায় কৰাৰ লগতে নিয়মিত গোলাপজল ব্যৱহাৰ কৰিলে ছালত তেলৰ মাত্ৰা নিয়ন্ত্ৰণ হয় । ইয়াৰলগতে ছালৰ ব্লেক হেডছ, হোৱাইট হেডছ আৰু ব্ৰণ মাত্ৰাও গোলাপজলে হ্ৰাস কৰে । ৰাসায়নিক উপাদান মিশ্ৰিত টোনাৰৰ বিপৰীতে এই গোলাপজল বেছি উপকাৰী ।

গোলাপজলত থকা এণ্টিব্যাক্টেৰিয়েল উপাদানে ছালৰ ক্ষত অংশ তথা দাগ নাইকীয়া কৰাত সহায় কৰে । লগতে গোলাপজলত থকা এণ্টিঅক্সিডেণ্টে ছালৰ প্ৰতিতো কোষ সজীৱ কৰি ৰখাত সহায় কৰে । বহু লোকৰ চকুৰ তলৰ অংশ ফুলি থকা দেখা যায় । যিহেতু চকুৰ তলৰ অংশৰ ছাল যথেষ্ট পাতল হোৱাৰ বাবে এই অংশ সহজে ফোলা পৰিলক্ষিত হয় । তেনেক্ষেত্ৰত গোলাপজল চকুৰ তলত লগালে এই সমস্যাৰ পৰা হাত সাৰিব পাৰি । অৱশ্যে ফ্ৰিজত ৰখা গোলাপজলে এইক্ষেত্ৰত বেছিকৈ সহায় কৰে ।

মেকআপ ৰিম’ভাৰ হিচাপেও গোলাপজল ব্যৱহাৰ কৰিব পাৰি । এক চামুচ নাৰিকল তেলৰ লগত দুচামুচ গোলাপজল মিহলাই মেকআপ ৰিম’ভাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি । আই মেকআপ চাফা কৰিবলৈও এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰে । শৰৎ কিম্বা শীত , যিকোনো ঋতুতেই আপুনি ছালৰ যত্ন ল’বলৈ গোলাপজল ব্যৱহাৰ কৰিব পাৰি । বিশেষকৈ শুকান ছাল বা ঘাম লাগি থকা ছালত গোলাপজল স্প্ৰে কৰিলে ছালৰ সমস্যা নাইকীয়া হয় । ইয়াত থকা এণ্টিঅক্সিডেণ্টে ছালৰ যিকোনো ৰোগৰ পৰা আপোনাক বচাই ৰাখিব ।
বি:দ্ৰ: অৱশ্যে ছালৰ গুৰুতৰ সমস্যাৰ সৃষ্টি হ’লে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো একান্তই বাঞ্চনীয় ।

Exit mobile version