Tamilnadu : তামিলনাডুৰ বিদ্যালয়ত হঠাৎ অসুস্থ এশ শিক্ষাৰ্থী, বিষাক্ত গেছ বিয়পি দুর্ঘটনা, অনুমান আৰক্ষীৰ

WhatsApp Image 2022 10 15 at 18.21.11

Tamilnadu : তামিলনাডুৰ কৃষ্ণাগিৰি জিলাৰ হছুৰত এখন চৰকাৰী বিদ্যালয়ত হঠাৎ অসুস্থ হৈ পৰে এশজন শিক্ষাৰ্থী । শিক্ষাৰ্থীসকলৰ প্রায় সকলোৱে বমি কৰিবলৈ লয় । পাছত অচেতন অৱস্থাত তেওঁলোকক স্থানীয় হাস্পাতালত ভর্তি কৰা হয় । সম্প্ৰতি তাতেই তেওঁলোক চিকিৎসাধীন হৈ আছে । ঘটনাটো সংঘটিত হৈছে শুকুৰবাৰে । অসুস্থসকলৰ প্রত্যেকেই ষষ্ঠ আৰু সপ্তম শ্রেণীৰ শিক্ষাৰ্থী । অসুস্থ হোৱাৰ কাৰণক লৈ উৰাবাতৰি প্ৰচাৰ হয় । প্রাথমিকভাৱে অনুমান কৰা হৈছে, কোনো বিষাক্ত গেছৰ পৰা এনে দুর্ঘটনা ঘটিছে ।

বিদ্যালয় প্রশাসনৰ তৰফৰ পৰা স্বাস্থ্য দপ্তৰ আৰু আৰক্ষীৰ স’তে যোগাযোগ কৰা হয় । আৰক্ষীয়ে ঘটনাস্থলত উপস্থিত হৈ কাৰণ অনুসন্ধানৰ চেষ্টা কৰ । প্রয়োজনীয় সহায়ৰ বাবে স্বাস্থ্যকর্মীসকলৰ এটা বিশেষ দলক বিদ্যালয়ত প্ৰেৰণ কৰা হয় ।

জিলা প্রশাসনৰ তৰফৰ পৰা জনোৱা হয়, শিক্ষাৰ্থীসকল কোনো প্ৰকাৰে বিষাক্ত গেছৰ সংস্পর্শত অহাৰ বাবে অসুস্থ হৈ পৰিছে । সংলগ্ন অঞ্চলৰ কোনো ছেপটিক টেংক অথবা কোনো কাৰখানাৰ পৰা এই গেছ বিয়পিছে বুলি ধাৰণা কৰা হৈছে । গেছৰ উৎপত্তিস্থল জানিবলৈ তদন্তত নামিছে আৰক্ষী ।

Exit mobile version