TWO ARUNACHAL PRADESH YUOTHS GONE MISSING NEAR INDO-CHINA BORDER : অৰুণাচলৰ দুই যুৱক সন্ধানহীন ইণ্ডো-চীন সীমান্তত

সন্ধানহীন যুৱকদ্বয়ক বাটেলুম টিক্ৰো আৰু বেইংচো মানু বুলি চিনাক্ত

WhatsApp Image 2022 10 15 at 16.56.37

TWO ARUNACHAL PRADESH YUOTHS GONE MISSING NEAR INDO-CHINA BORDER : ঔষধি উদ্ভিদৰ সন্ধানত ইণ্ডো-চীন সীমান্তৱৰ্তী এখন গাওঁলৈ যোৱাৰ পিছৰে পৰা অৰুণাচল প্ৰদেশৰ দুজন যুৱক প্ৰায় এসপ্তাহ ধৰি সন্ধানহীন হৈ আছে ৷

বাটেলুম টিক্ৰো আৰু বায়িংচো মানু নামৰ দুয়োজন গইলাং চহৰৰ বাসিন্দা আছিল বুলি আনজাও জিলাৰ আৰক্ষীয়ে জানিব দিয়ে ৷ যুৱকদ্বয় সন্ধানহীনৰ বিষয়ে পৰিয়ালৰ লোকে ৯ অক্টোবৰত আনজাও আৰক্ষীক লিখিতভাৱে অৱগত কৰিছিল ৷ ইতিমধ্যে দুয়োজনৰ অৱস্থান বিচাৰিবলৈ আৰক্ষীয়ে সেনাৰ সৈতে অব্যাহত ৰাখিছে যোগাযোগ ৷ পৰিয়ালৰলোকে সন্দেহ কৰা মতে দুয়োজন যুৱকে সম্ভৱতঃ অজ্ঞাতে আন্তৰ্জাতিক সীমা অতিক্ৰম কৰিছিল আৰু সীমান্তৰ সিপাৰৰ চীন সেনাৰ হাতত বন্দী হৈ আছে।

শেহতীয়াকৈ স্থানীয় প্ৰশাসন আৰু আৰক্ষীয়ে স্থানীয় লোক আৰু পৰিয়ালৰ সদস্যসকলৰ ভাষ্য লিপিবদ্ধ কৰিছে। আৰু শীঘ্ৰেই অৰুণাচল চৰকাৰৰ সন্মুখত পৰৱৰ্তী পদক্ষেপ ল’বলৈ এখন প্ৰতিবেদন দাখিল কৰিব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে জানুৱাৰী মাহত অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ জিডো গাঁৱৰ বাসিন্দা মিৰান টাৰোন প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ পৰা সন্ধানহীন হৈছিল। পিছত ভাৰত আৰু চীন দুয়োদেশৰ নিৰাপত্তা বাহিনীয়ে আলোচনামৰ্মে চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে সন্ধানহীন যুৱকজনক ভাৰতীয় সেনাক হস্তান্তৰ কৰে।

একেদৰে ২০২০ বৰ্ষৰ মাজভাগত চীনৰ পিএলএ-য়ে অৰুণাচল প্ৰদেশৰ উজনি সোৱনশিৰি জিলাৰ পৰা পাঁচজন যুৱকক অপহৰণ কৰিছিল আৰু প্ৰায় এসপ্তাহৰ পিছত তেওঁলোকক মুকলি কৰি দিছিল।

Exit mobile version