Cement Price hike : প্ৰতিবেগ চিমেণ্টৰ মূল্য ৪৭০ টকালৈ বৃদ্ধি

ঘৰ সাজিবলৈ গৈ মূৰে-কপালে হাত‌ দিছে নিম্ন মধ্যবিত্ত‌ই

product list hero

স্বপ্নৰ ঘৰটো বন্ধাৰ আশাত বন্দী ৰাজ্যৰ সৰ্বসাধাৰণ জনতাক টেঁটু চেপা দি পুনৰ বৃদ্ধি কৰা হ’ল চিমেণ্টৰ মূল্য । মাথোঁ ২৫টা দিনৰ ভিতৰতে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত উৎপাদন কৰা চিমেণ্ট কোম্পানীসমূহে ৰাজ্যখনত প্ৰতিবেগ চিমেণ্টৰ মূল্য ৩৫ টকালৈ বৃদ্ধি কৰিছে । কোনো ধৰণৰ চৰকাৰী নিয়ন্ত্ৰণ নথকাৰ সুযোগ লৈ নিজ খেয়াল-খুচি মতে চিমেণ্টৰ দাম বৃদ্ধি কৰি অহা এই কোম্পানীসমূহৰ অতপালিৰ বাবে ৰাজ্যৰ বজাৰত প্ৰতিবেগ চিমেণ্টৰ দাম ঊৰ্ধ্বমুখী হৈছে ৪৭০ টকালৈকে ।

লক্ষ্যণীয় যে চিমেণ্ট কোম্পানীসমূহে কেঁচা মালৰ অভাৱ আৰু ইন্ধনৰ দাম বৃদ্ধিৰ অজুহাতত চিমেণ্টৰ মূল্য বৃদ্ধি কৰিছে । ৰাজ্যত বজাৰ দখল কৰি থকা ষ্টাৰ, ডালমিয়া, মেক্স আদি চিমেণ্ট কোম্পানীসমূহে যোৱা‌ ২১ ছেপ্টেম্বৰত প্ৰতি বেগ চিমেণ্টৰ মূল্য সাত টকাকৈ বৃদ্ধি কৰিছিল । ইয়াৰ কেইদিনমান পাছতে অৰ্থাৎ একেটা মাহৰে ৩০ তাৰিখে সংশ্লিষ্ট কোম্পানীকেইটাই ৰাজ্যত পুনৰ প্ৰতি বেগ চিমেণ্টৰ মূল্য ২০ টকাকৈ বৃদ্ধি কৰে ।

আকৌ যোৱা ন অক্টোবৰত এই একেকেইটা কোম্পানীয়ে প্ৰতি বেগ চিমেণ্টৰ মূল্য আঠ টকাকৈ বৃদ্ধি কৰি ৰাজ্যবাসীৰ মূৰত মাধমাৰ শোধাইছে । লক্ষ্যণীয় যে বাৰিষাৰ অন্ত পৰাৰ লগে লগে ৰাজ্যৰ গ্ৰামাঞ্চলকে ধৰি সৰ্বত্ৰ এতিয়া ঘৰ বন্ধাৰ সময় আৰম্ভ হৈছে । সমাজৰ নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকলেও ঋণ গ্ৰহণ কৰি অথবা অন্যান্য উপায়ে হ’লেও এটা কংক্ৰিটৰ ঘৰ নিৰ্মাণৰ বাবে সাজু হোৱাৰ সময়তে প্ৰতিটো শ্ৰেনীৰ লোককে মাধমাৰ শোধাবলৈ আচম্বিতে ২৫ দিনৰ ভিতৰতে তিনিবাৰকৈ দাম বৃদ্ধি কৰা হ’ল চিমেণ্টৰ ।

লক্ষ্যণীয় যে কয়লাৰ দাম বৃদ্ধিৰ বাবে ইতিমধ্যে ৰাজ্যৰ গ্ৰামাঞ্চলত মহঙা হৈছে ঘৰ বন্ধাৰ অন্যতম সামগ্ৰী ইটা । প্ৰতিটো ইটাৰ মূল্য ১৪ টকালৈকে বৃদ্ধি পাইছে । অন্যান্য সামগ্ৰী তথা মজুৰিও বৃদ্ধি পোৱাৰ সময়তে ঘৰ বন্ধাৰ অন্যতম সামগ্ৰী চিমেণ্টৰো অস্বাভাৱিক দাম বৃদ্ধিক লৈ এতি‌য়া মূৰে-কপালে হাত দিবলগীয়া হৈছে সৰ্বসাধাৰণ জনতাই । অসম তথা চুবুৰীয়া মেঘালয়ত উৎপাদন কৰা চিমেণ্ট কোম্পানীসমূহে অসমত নিজ খেয়াল-খুচি মতে দাম বৃদ্ধি কৰাৰ অতপালি ইমানেই বাঢ়িছে যে ৰাজ্যৰ বজাৰত এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠৰূপে চিহ্নিত ব্ৰেণ্ডৰ চিমেণ্টতকৈও থলুৱা উৎপাদিত চিমেণ্টৰ মূল্যহে চৰা হৈছে ।

অসমত মহাৰাষ্ট্ৰ, উত্তৰ প্রদেশ, ৰাজস্থানত উৎপাদিত বিৰলা গ’ল্ড, লাফাৰ্জ, অম্বুজা আদি চিমেণ্টৰ প্ৰতি বেগৰ মূল্য সৰ্বাধিক ৪৪০ টকা । বহিঃৰাজ্যৰ পৰা ৰে’লেৰে কঢ়িয়াই অনা এনে দেশৰ নামি ব্ৰেণ্ডৰ চিমেণ্টৰ দাম পৰিবহণ ব্যয় সংযোজিত কৰাৰ পাছতো ৪৪০ টকাকৈ অসমৰ বজাৰত বিক্ৰী কৰিব পৰাৰ বিপৰীতে গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত উৎপাদিত ষ্টাৰ চিমেণ্টৰ দৰে কোম্পানীয়ে কি যুক্তিত প্ৰতিবেগ চিমেণ্টৰ মূল্য ৪৭০ টকা পৰ্যন্ত দৰত বিক্ৰী কৰি মুনাফা লুটিছে সেয়া চিন্তনীয় বিষয় ।

লক্ষ্যণীয় যে গুৱাহাটীৰ সোণাপুৰত উৎপাদিত চিমেণ্ট চুবুৰীয়া ৰাজ্য পশ্চিমবংগলৈ ৰে’লেৰে কঢ়িয়াই নিয়াৰ পাছত পৰিবহণ ব্যয়সহ চুবুৰীয়া ৰাজ্যখনত প্ৰতিবেগ চিমেণ্টৰ খুচুৰা মূল্য হ’ল সৰ্বাধিক ৩১০ টকা পৰ্যন্ত । অৰ্থাৎ উৎপাদনথলীতে মাত্ৰাধিক হাৰত মুনাফা লুটি অসমবাসীক মাধমাৰ শোধাই আহিছে এই চিমেণ্ট কোম্পানীসমূহে ।

প্ৰসংগত উল্লেখ্য যে চিমেণ্ট কোম্পানীসমূহৰ এই অতপালিত আশ্চৰ্য প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কেই বছৰমান পূৰ্বে অসম ভ্ৰমণলৈ আহোতে চিমেণ্ট কোম্পানীসমূহক সৰ্বাধিক দুশ টকা দৰত চিমেণ্ট বিক্ৰী কৰিব পাৰে বুলি সকীয়াই দিছিল । অসমত উৎপাদিত চিমেণ্ট বহিঃৰাজ্যৰ তুলনাত অসমকে ধৰি দুগুণ দৰত বিক্ৰী কৰি কাৰ্যতঃ লুণ্ঠন চলাই থকা চিমেণ্ট কোম্পানীসমূহৰ বিৰুদ্ধে নিশ্চুপ হৈ ৰৈছে ৰাজ্য চৰকাৰো । চৰকাৰৰ এই ভূমিকাই চিমেণ্টৰ দাম দুগুণলৈ বৃদ্ধি কৰাত কোম্পানীসমূহক উৎসাহিত কৰা বুলিহে চৰ্চিত হৈছে ।

Exit mobile version