লাখ লাখ মাটিৰ চাকি তৈয়াৰ কৰি চীনা সামগ্ৰীক প্ৰত্যাহ্বান ঢেকিয়াজুলিৰ মৃৎশিল্পীৰ

বিক্ৰীৰ বাবে মহিলাই তৈয়াৰ কৰিছে ডেৰ লাখ মাটিৰ চাকি

IMG 20221016 174405

মাটিৰ চাকিৰে সপোন ৰচিছে আলিচিঙাৰ ৫০টা পৰিয়ালে

সমাগত দীপাৱলী । আলোকেৰে পোহৰাই তুলিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে প্ৰস্তুত্তি । সমান্তৰালকৈ দীপাৱলীৰ বাবে মৃৎশিল্পীসকলে লাখ লাখ মাটিৰ চাকি তৈয়াৰ কৰি এক প্ৰকাৰ চীনা সামগ্ৰীক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে । ঢেকিয়াজুলিৰ আলিচিঙাৰ মৃৎশিল্পীসকলে শোণিতপুৰ, ওদালগুৰি জিলাৰ দীপাৱলীৰ বজাৰত মাটিৰ চাকিৰে উপচাই দিবলৈ তৈয়াৰ কৰিছে লাখ লাখ মাটিৰ চাকি । এই গাওঁখনৰ প্ৰায় ৫০ টা পৰিয়াল মৃৎশিল্পৰে জড়িত । গাওঁখনৰ মমতা সৰকাৰ নামৰ এগৰাকী মহিলাই ডেৰ লাখ মাটিৰ চাকি সাজু কৰিছে দীপাৱলীৰ বজাৰৰ বাবে । তৈয়াৰ কৰা মাটিৰ চাকিসমূহ ইতিমধ্যে ঘৰৰ পৰাই পাইকাৰী আৰু খুচুৰা হিচাপে বিক্ৰী কৰিছে । উক্ত মাটিৰ চাকিসমূহ হেজাৰত ৩০০ ৰ পৰা ৭০০ টকা মূল্যত বিক্ৰী কৰিছে ।

মমতাই এই ডেৰ লাখ চাকি তৈয়াৰ কৰোতে তেওঁৰ স্বামী সুকুমাৰ সৰকাৰে সহযোগিতা কৰা বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে , বিগত ১৫ বছৰ ধৰি মমতাই দীপাৱলীৰ সময়ত লাখ লাখ মাটিৰ চাকি তৈয়াৰ কৰি বিক্ৰী কৰি আহিছে । কেৱল দীপাৱলীয়ে নহয়, বছৰৰ ১২ মাহে মমতাই মাটিৰ পাত্ৰ , আচবাব আদি তৈয়াৰ কৰি বিক্ৰী কৰি আহিছে । এইগৰাকী মহিলাই এনেদৰে মৃৎ শিল্পৰ লগত জড়িত হৈ পৰিয়ালটো পোহপাল দিয়াত স্বামীক সহযোগিতা আগবঢ়াই আহিছে ।

এই বেলি আলিচিঙাৰ পালগাঁৱৰ মৃৎশিল্পীসকলে সাজু কৰিছে ১২ লাখ মাটিৰ চাকি । ইপিনে , সমাগত দীপাৱলীক লৈ এই গাওঁৰ ৫০ টা পৰিয়ালৰ পুৰুষ-মহিলাৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতীসকলৰ এতিয়া যেন ব্যস্ততাৰ অন্ত নাই । গাওঁখনৰ দুৰ্গা পাল ,চিদাম পাল ,জীৱন পাল , অশোক পালকে ধৰি প্ৰায় ৫০ টা পৰিয়ালে লাখ লাখ থলুৱা মাটিৰ চাকি দীপাৱলীৰ বাবে সাজু কৰি তুলিছে ।

যি সময়ত ৰাজ্যখনত চীনা সামগ্ৰীৰ প্ৰচলনে দেশৰ অৰ্থনৈতিক ব্যৱস্থাটোক ক্ষতি কৰিছে , তেনে সময়ত ঢেকিয়াজুলিৰ আলিচিঙাৰ পালগাঁৱৰ মৃৎশিল্পীসকলে আগন্তুক দীপাৱলীৰ বাবে ১২ লাখতকৈ অধিক মাটিৰ চাকি সাজি উলিয়াই বজাৰত বিক্ৰী কৰাটোৱে ৰাজ্যখনৰ বাবে আশাব্যঞ্জক খবৰ ।

উল্লেখ্য যে, এইসকল মৃৎ শিল্পীয়ে পৰম্পৰাগত মৃৎশিল্পক জীয়াই ৰাখিছে যদিও চৰকাৰ বা প্ৰশাসনৰ তৰফৰ পৰা কোনোদিনে সঁহাৰি লাভ কৰা নাই। এই আক্ষেপ প্ৰকাশ কৰি চৰকাৰক মৃৎশিল্প জীয়াই ৰখাৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাই এইসকল মৃৎশিল্পীয়ে ।

Exit mobile version