Face Pack : দীপাৱলীৰ পূৰ্বে ছালৰ উজ্জ্বলতা কেনেকে ঘূৰাই আনিব ? প্রসাধনী নহয়, লগাওক গ্রীন টি ফেচপেক

WhatsApp Image 2022 10 18 at 13.38.16

Face Pack : সমাগত দীপাৱলী । হাতত মাথু কেইটামান দিন । উৎসৱৰ ভিৰত সুন্দৰ ছালেৰে মন জয় কৰিবলৈ এতিয়াৰ পৰাই চলাওক প্রস্তুতি । দুর্গাপূজাৰ ক্লান্তি এতিয়াও আছে । এটা উৎসৱৰ ক্লান্তি আন এটা উৎসৱত লৈ যোৱা যাব নোৱাৰি । দীপাৱলীত আপোনাৰ ছালক দিয়ক নতুন লোক । ইয়াৰ বাবে ভৰসা ৰাখক গ্রীন টি-ৰ ওপৰত ।

ওজন কমোৱাৰ উপৰিও ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাত গ্রীন টি হ’ব পাৰে আদর্শ । অৱশ্যে কেৱল গ্রীন টি খালেই নহ’ব । লগাব‌ও লাগিব । ছালৰ উজ্জ্বলতা ঘূৰাই আনে গ্রীন টি ফেচপেকে ।

১) ক্লিনজাৰ হিচাপে :

দুই চামুচ গ্রীন টি-ৰ লিকাৰ আৰু এচামুচ মৌ মিহলি কৰি এটা মিশ্রণ প্ৰস্তুত কৰি গোটেই মুখত লগাই ল’ব । পাঁচ মিনিট ৰাখি পানীৰে ধুই দিয়ক । ছালৰ উজ্জ্বলতা ঘূৰাই পাব ।

২) স্ক্রাবাৰ হিচাপে :

ছালৰ মৃতকোষ দূৰ কৰিবলৈও গ্রিন টি-ৰ ব্যৱহাৰ কৰিব পাৰে । হাতত এচামুচ গ্রীন টি-ৰ পাত আৰু ফেচৱাছ লৈ মুখত হাতেৰে লাহে লাহেকৈ ঘহি ল’ব । তিনি মিনিট এনেদৰে কৰাৰ পাছত পানীৰে ধুই দিয়ক ।

৩) ট’নাৰ হিচাপে :

ৰাস্তাৰ ধূলি-মাকতিৰ অত্যাচাৰত ছালৰ দুৰৱস্থা হয় । যিসকলৰ ছাল তৈলাক্ত তেওঁলোকৰ ছালৰ সমস্যা অধিক । সেয়ে ঘৰলৈ উভতিয়ে ট’নাৰ ব্যৱহাৰ কৰাৰ বাহিৰে অন্য উপায় নাই । গ্রীন টি কিন্তু ট’নাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ যথেষ্ট উপযোগী । বেছিকৈ গ্রীন টি বনাই কাচৰ বটলত ভৰাই থ’ব পাৰে । ৰাস্তাৰ পৰা উভতি বা নিশা শুৱৰ আগত এই ট’নাৰ ব্যৱহাৰ কৰক ।

৪) ফেচপেক হিচাপে :

গ্রীন টি-ৰ এটা বেগ প্ৰয় এঘণ্টালৈকে গৰম পানীত ডুবাই থ’ব । পানী ঠাণ্ডা হৈ গ’লে টি বেগটো কাটি চাহ পাতবোৰ উলিয়াই এটা কাচৰ পাত্রত থ‌ওক । এচামুচ বেকিং ছ’ডা, এচামুচ মৌ, দুই-তিনি টোপাল লেভেণ্ডাৰ তেল আৰু এল’ভেৰা ৰস মিহলি কৰি এটা মিশ্রণ তৈয়াৰ কৰক । গ্রীন টি ফেচপেকটো মুখত লগোৱাৰ আগতে অৱশ্যে মুখখন ভালকৈ পৰিষ্কাৰ কৰি ল’ব । ফেচপেকটো লগাই ১০ৰ পৰা ১৫ মিনিট ৰাখক । এইবাৰ গৰম পানীত টাৱেল তিয়াই হাতেৰে লাহে লাহে মুখখন মছি ল‌ওক । এই ফেচপেক মুখত লগোৱাৰ আগতে হাতত পৰীক্ষা কৰি ল’ব নাপাহৰিব !

Exit mobile version