KARIMGANJ POLICE SEIZED 3,243 KG GANJA : অসম-ত্ৰিপুৰা সীমান্তত জব্দ ৩,২৪৩ কিলোগ্ৰাম গাঞ্জা, গ্ৰেপ্তাৰ ১

WhatsApp Image 2022 10 18 at 17.18.44

KARIMGANJ POLICE SEIZED 3,243 KG GANJA :কৰিমগঞ্জ আৰক্ষীয়ে তিনিদিন ধৰি অব্যাহত ৰখা পৃথক পৃথক অভিযানত জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ গাঞ্জা ৷ অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰী তালাচি চকীত জব্দ কৰে গাঁজাখিনি ৷ অভিযানৰ আজি তৃতীয় দিনা জব্দ কৰা গাঞ্জাখিনিৰ পৰিমাণ ৩,২৪৩ কিলোগ্ৰাম গাঁজা । উল্লেখ্য যে সোমবাৰে চলোৱা অভিযানৰ পিছত যোৱা ২৪ ঘণ্টাৰ ভিতৰত তিনি টনতকৈও অধিক গাঁজা জব্দ কৰা হয়।

আগৰতলাৰ পৰা গুৱাহাটীলৈ আহি থকা পথত এনএল০১ কিউ ৫০৫০ নম্বৰৰ ট্ৰাক খনক বিশেষ খবৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীয়ে অসম- ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত জব্দ কৰে ৷ জব্দকৃত ট্ৰাকখনৰ পৰা ৩৩কোটি মূলৰ ৩ টন ২৪৩কিলোগ্ৰাম গাঞ্জা খিনি জব্দ কৰাৰ লগতে আটক কৰে ট্ৰাক খনৰ চালকজনক ৷

আৰক্ষীৰ উপযুপৰি জেৰাত ট্ৰাকখনৰ চালক মানিক সিঙে সদৰি কৰা মতে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি আগৰতলাৰ গুলবজাৰৰ পৰা কঢ়িয়াই গুৱাহাটীলৈ অনাৰ কথা আছিল ৷চালকজনক বৰ্তমান আৰক্ষীয়ে এনডিপিএছ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে ৷ বুধবাৰে আদালতত হাজিৰ কৰিব ধৃত ড্ৰাগছ পেডেলাৰটোক ৷

Exit mobile version