PHULAGURI SENGLAI SATRA KATI BIHU : কাতি বিহু উপলক্ষে নগাঁও জিলাৰ ফুলগুৰিৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী চেংলাই সত্ৰত আজি পৰম্পৰা ৰক্ষা কৰি আকাশ বন্তি জ্বলোৱা হয় । বিয়লি সত্ৰৰ শিষ্যসকলৰ উপস্থিতিত আকাশ বন্তিৰ ধ্বজা উত্তোলন কৰা হয়। শ্ৰী শ্ৰী চেংলাই সত্ৰৰ সত্ৰাধিকাৰ জগত চন্দ্ৰ গোস্বামীয়ে বৈদিক পৰম্পৰাৰে এই কাৰ্যৰ পাতনি মেলে।
ADVERTISEMENT

আকাশ বন্তি প্ৰজ্বলনত মহেশ চন্দ্ৰ গোস্বামী, পদ্মকান্ত গোস্বামীকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। স্মৰ্তব্য যে, মানৰ আক্ৰমনৰ সময়ত মাজুলীৰ পৰা আনি ফুলগুৰিত স্হাপন কৰা শ্ৰী শ্ৰী চেংলাই সত্ৰত তেতিয়াৰে পৰাই আকাশ বন্তি প্ৰজ্বলনৰ পৰম্পৰা ৰক্ষা কৰি অহা হৈছে ।






























