Urvashi Rautela : মাহাশাৰ মৃত্যুৰ ঘটনাত চুলি কাটি প্রতিবাদ অভিনেত্ৰী উর্বশীৰ

WhatsApp Image 2022 10 18 at 16.42.10

Urvashi Rautela : মাহশাৰ মৃত্যুৱে সামাজিক মাধ্যমত প্রতিবাদৰ ধুমুহা আনিছে । ইৰানৰ আৰক্ষীৰ ওপৰত ভীষণ ক্ষুব্ধ সেই দেশৰ মহিলাসকল‌ । নিজৰ চুলি কাটি, হিজাব জ্বলাই দি প্রতিবাদত সৰৱ হৈছে তেওঁলোক ।

হিজাব বিৰোধী আন্দোলনকাৰীসকলক অনেকেই সমৰ্থন কৰিছে । প্ৰসিদ্ধ ব্যক্তিসকলো ব্যতিক্রম নহয় । কিছু দিন পূৰ্বে অভিনেত্ৰী প্রিয়ংকা চোপ্ৰাই এই ঘটনাৰ প্রতিবাদ জনাইছিল । এইবাৰ মাহশাৰ মৃত্যুৰ ঘটনাত প্রতিবাদ কৰিলে জনপ্ৰিয় অভিনেত্ৰী উর্বশী ৰ‌ওতেলাই । নিজৰ চুলি কাটি প্রতিবাদ জনাইছে তেৱোঁ ।

ইনষ্টাগ্রামত সেই মুহূর্তৰ ছবি আপলোড কৰি লিখে, “চুলি কাটি পেলালো ! ইৰানৰ মহিলাসকলৰ সমর্থনত এই পদক্ষেপ গ্রহণ কৰিছো ।” লগতে লিখে, “মাহশা আমিনিৰ মৃত্যুৰ প্রতিবাদত পথত নামি প্রাণ হেৰুৱাবলগীয়া হৈছে বহু মহিলাই । ইৰানৰ চৰকাৰৰ বিৰুদ্ধে যোৱাৰ মূল্য পৰিশোধ কৰিবলগীয়া হৈছে তেওঁলোকে । ১৯ বছৰীয়া অংকিতা ভাণ্ডাৰিয়ে দেখুওৱা পথত আগবাঢ়িলো ।”

Exit mobile version