ABHISHEK FELL IN LOVE WITH THE QUEEN,NOT AISHWARYA : ঐশ্বৰ্য নহয় , ৰাণীৰ প্ৰেমত বলীয়া হৈছিল অভিষেক !

কিন্তু কিয় এই প্ৰেমক স্বীকৃতি নিদিলে জয়া বচ্চনে ?

WhatsApp Image 2022 10 19 at 14.31.33

ABHISHEK FELL IN LOVE WITH THE QUEEN,NOT AISHWARYA : বলীউড গ্লেমাৰ জগতৰ আটাইতকৈ চৰ্চিত পৰিয়ালটো হৈছে বচ্চন পৰিয়াল । এটা সময় আছিল যেতিয়া বচ্চন পৰিয়ালৰ পুত্ৰবধুক লৈ অনেক জল্পনা-কল্পনা চলিছিল বলীউড মহলত । ঐশ্বৰ্যৰ পূৰ্বে বলীউডৰ বহু নায়িকা অভিষেক বচ্চনলৈ বিয়া হ’ব বুলি বাতৰি প্ৰচাৰ হৈছিল । বিশেষকৈ কাপুৰ পৰিয়ালৰ কৰিস্মাৰ লগত অভিষেকৰ সম্পৰ্ক ফাট মেলাৰ পিছতে অভিষেকৰ সম্পৰ্ক গঢ় লৈ উঠিছিল বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীৰ লগত ।

এইকথা সৰ্বজনবিদিত হৈ পৰিছিল যে , ৰাণী মুখাৰ্জী-এ হ’ব বচ্চন পৰিয়ালৰ একমাত্ৰ বোৱাৰী । আনকি অভিষেকেও ৰাণীক বিয়া পাতিবলৈ মন মেলিছিল । যিহেতু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল । দুই অভিনেতাদ্বয়ৰ সম্পৰ্ক বিয়া পৰ্যন্ত পাইছিল যদিও অভিষেকৰ মাতৃ জয়া বচ্চনৰ এই বিয়াক লৈ তীব্ৰ আপত্তি আহে । যাৰ পৰিণতিত দুয়োৰে সম্পৰ্ক বিবাহৰ ৰূপ নাপালে ।

প্ৰথম অৱস্থাত অভিষেক আৰু ৰাণীৰ বিয়াত বচ্চন পৰিয়ালৰ সকলোৱে সন্মতি প্ৰদান কৰিছিল। শেষ মুহুৰ্তত জয়াই ৰাণীক পুত্ৰবধু কৰা বিষয়টো মানি নললে । চৰ্চা হোৱা মতে , ইয়াৰ একমাত্ৰ কাৰণ আছিল , ৰাণী মুখাৰ্জীয়ে অমিতাভ বচ্চনৰ লগত এখন ছবিত এটি ৰোমাণ্টিক তথা ব্যক্তিগত দৃশ্যত অভিনয় কৰিছিল । এই দৃশ্যক কেন্দ্ৰ কৰি চিত্ৰ সমালোচকে দুয়োৰে সম্পৰ্ক থকা বুলিও বাতৰি প্ৰকাশ কৰিছিল । যিটো কথাক লৈ জয়া ব্যৰ্থিত হৈছিল আৰু দুয়োৰে প্ৰেমক স্বীকৃতি প্ৰদান কৰিবলৈ মান্তি হোৱা নাছিল।

যাৰ ফলস্বৰূপে ৰাণী মুখাৰ্জীও বহুদিন মৌন ব্ৰত পালন কৰা দেখা গৈছিল । পিছত আৰু ৰাণীয়েও এই সম্পৰ্কক লৈ কোনো কথা কোৱা দেখা পোৱা নগ’ল । অৰ্থাৎ দুয়োৰে সম্পৰ্ক এই সময়তে ইতি পৰিছিল । অৱশেষত অতি কম দিনতে অভিষেকে প্ৰাক্তন বিশ্ব সুন্দৰী তথা প্ৰতিভাশালী অভিনেত্ৰী ঐশ্বৰ্য ৰায়ক বিয়া পাতে । অন্যহাতে ৰাণী মুখাৰ্জীৰো বিয়া বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক আদিত্য চোপ্ৰাৰ লগত হয় । বৰ্তমান দুয়োজনেই নিজৰ-নিজৰ পৰিয়ালক লৈ সুখী ।

Exit mobile version