MAN COMMITS SUCIDE IN POLICE CCUSTODY IN JOGIGHOPA POLIC STATION :গোৱালপাৰা জিলাৰ যোগীঘোপাত আৰক্ষী থানাত নিশা অঘটন । নিশা থানাৰ ভিতৰৰ লকআপত আত্মহত্যা কৰে এজন বিচাৰাধীন আচামীয়ে। আত্মহত্যা কৰা আচামীজনৰ নাম আব্দুল জব্বাৰ । উল্লেখ্য যে সোমবাৰে গৰু চুৰিৰ ঘটনা এটাৰ স’তে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছিল আব্দুল জব্বাৰক৷লকআপৰ শৌচালয়ত চিপ লৈ আত্মহত্যা কৰে আটকাধীন লোকজনে।
ইতিমধ্যে এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ মৃত আব্দুল জব্বৰৰ ঘৰ যোগীঘোপা থানাৰ অন্তৰ্গত কুশবাৰী ৷ আনহাতে এই ঘটনা সংঘটিত হোৱাৰ পিচতে জিলা আৰক্ষী অধীক্ষকে নিশা কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত কত্তৰ্ব্যৰত কনিষ্টবল মকিমুল হক পাটগিৰীক নিলম্বন কৰে।