RAPIDO :মহানগৰীত খেয়াল-খুচি মতে ভাড়া বৃদ্ধি কৰে অ’লা-ওবেৰ-ৰেপিড’ চালকে

WhatsApp Image 2022 10 19 at 18.36.25

RAPIDO : দূৰ-দূৰণিৰ পৰা আহি বহু লোকে জীৱিকা বা শিক্ষাসূত্ৰে বাস কৰে গুৱাহাটী মহানগৰত । যিমানে সুবিধা বাঢ়িছে সিমানে বাঢ়িছে মানুহৰ প্ৰয়োজনীয়তাও । বাণিজ্যিক নগৰখনত যাতায়তৰ বাবে চিটি বাছৰ সুবিধা থাকিলেও অনেকেই ব্যৱহাৰ কৰে অ’লা, ওবেৰ, ৰেপিড’ৰ দৰে অনলাইন বুক কৰিব পৰা মটৰচাইকেল বা গাড়ী । এই ব্যৱস্থাই যাতায়ত কৰা অধিক সুচল কৰি তুলিছে । যিকোনো সময়তে নিজৰ পছন্দৰ অনলাইন বাহন বুক কৰি যাতায়ত কৰিব পাৰে । অনলাইন বা অফলাইযোগে গ্ৰাহকে মূল্য পৰিশোধ কৰিব পাৰে ‌।

যাতায়ত ব্যৱস্থা সুচল কৰাৰ উপৰিও ই নিবনুৱাসকলৰ বাবে কৰ্মৰ উৎস হৈ পৰিছে । এই কোম্পানীবোৰৰ জৰিয়তে বাহন চলাইয়ে অনেকে নিজৰ পৰিয়াল পোহ-পাল দি আছে । অৱশ্যে অনেকেই আকৌ সাময়িকভাৱে অ’লা-ওবেৰ চলায়ো জীৱিকা নিৰ্বাহৰ পথ বাছি লৈছে ।

দূৰত্বৰ হিচাপত কোম্পানীয়ে মূল্য নিৰ্ধাৰণ কৰি দিয়ে । কিন্তু সম্প্ৰতি দেখা গৈছে যে কোম্পানীয়ে নিৰ্ধাৰণ কৰি দিয়া মূল্যক অংগুষ্ঠ প্ৰদৰ্শন কৰি চালকসকলে নিজ খেয়াল-খুচি মতে গ্ৰাহকৰ পৰা দুগুণ ভাড়া বিচাৰে । একাংশ চালকক গ্ৰাহকৰ স’তে দৰদামো কৰা দেখা যায় । ৰাতি হ’লেই অনাকাংক্ষিতভাৱে বৃদ্ধি পায় অ’লা-ওবেৰ-ৰেপিড’ৰ ভাৰা । উদাহৰণস্বৰূপে, কোম্পানীয়ে নিৰ্ধাৰণ কৰি দিয়া ভাড়া ৭০ টকাৰ পৰিৱৰ্তে চালকসকলে গ্ৰাহকৰ পৰা বিচাৰে ১৫০ টকা । বাহন বুক কৰাৰ সময়ত চালকে গ্ৰাহকক ‘ভাৰা কিমান দেখুৱাইছে’ বুলি প্ৰশ্ন কৰাও পৰিলক্ষিত হৈছে । চালকসকলৰ এই ব্যৱহাৰে অৱশ্যে গ্ৰাহকসকলক জ্বলাকলা খুৱাইছে ।

তেওঁলোকৰ এই ব্যৱহাৰৰ বাবে গ্ৰাহকে কোম্পানীত গোচৰ দাখিল কৰিব পাৰে আৰু ইয়াৰ বাবে কোম্পানীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব । তৎস্বত্ত্বেও অ’লা-ওবেৰ-ৰেপিড’ চালকসকলে কোনো কেৰেপ নকৰাকৈ নিজ খেয়াল-খুচি মতে ভাৰা নিৰ্ধাৰণ কৰাই মহানগৰবাসীৰ উদ্বেগ বৃদ্ধি কৰিছে ।

Exit mobile version