4 DEAD,7 INJURED IN MADHYA PRADESH’S MORENA FIRECRACKER WAREHOUSE EXPLOSION : ফটকা গুদামত ভয়ংকৰ বিস্ফোৰণ,থিতাতে নিহত মহিলা- শিশু সহ ৪

ধ্বংসাৱশেষৰ মাজত আৱদ্ধ বহু লোক

WhatsApp Image 2022 10 20 at 16.13.28

4 DEAD,7 INJURED IN MADHYA PRADESH’S MORENA FIRECRACKER WAREHOUSE EXPLOSION : দীপাৱলীলৈ মাজত মাত্ৰ তিনিটা দিন থকা অৱস্থাত মধ্য প্ৰদেশত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ বৃহস্পতিবাৰে দুপৰীয়া ৰাজ্যখনৰ মুৰেনাৰ এটা অবৈধ ফটকা গুদামত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ ৷ বিস্ফোৰণত থিতাতে নিহত হয় চাৰিজনকৈ লোক ৷ একেদৰে ঘটনাটোত বিধস্ত হোৱা গুদামটো থকা অট্টালিকাৰ ধ্বংসাৱশেষৰ মাজত বহু লোক আৱদ্ধ থকাৰ সন্দেহ প্ৰকাশ কৰিছে মুৰেনাৰ প্ৰশাসনে ৷

আনহাতে বিস্ফোৰণৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু এছডি আৰ এফৰ উদ্ধাৰকাৰী দল উপস্থিত হৈ ধ্বংসাৱশেষৰ মাজৰ পৰা এজন পুৰুষ,এগৰাকী মহিলা আৰু দুই শিশুকে ধৰি মুঠ চাৰিটা মৃতদেহ উদ্ধাৰ কৰিছে । তদুপৰি সংকটজনক অৱস্থাত চাৰিজন লোকক উদ্ধাৰ কৰি ইতিমধ্যে চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে গোৱালিয়ৰলৈ।

উল্লেখ্য যে এই বিস্ফোৰণত এই পৰ্যন্ত ৭ জন লোক আহত হোৱা বুলি জানিব দিয়ে মধ্য প্ৰদেশ আৰক্ষীৰ চাম্বাৰ ৰেঞ্জৰ মহাপৰিদৰ্শক ৰাকেশ চাওলাই । ধ্বংসাৱশেষৰ মাজত আবদ্ধ আনসকলক যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ ব্যৱস্থাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে জিলা প্ৰশাসনে ৷ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে এই ঘটনাত গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে ঘটনাৰ তদন্তৰ নিদেৰ্শ দিয়ে ৷

Exit mobile version